September 23, 2025 11:18 AM

views 20

দুৰ্গা পূজা উপলক্ষে ৰাজ্যিক কৰ্মচাৰী আৰু পেন্সনাৰসকলৰ ছেপ্টেম্বৰ মাহৰ দৰমহা আজিৰ পৰা মুকলি কৰি দিয়াৰ ব্যৱস্থা

ৰাজ্য চৰকাৰে দুৰ্গা পূজা উপলক্ষে ৰাজ্যিক কৰ্মচাৰী আৰু পেন্সনাৰসকলৰ ছেপ্তেম্বৰ মাহৰ দৰমহা আজিৰ পৰা মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰি দিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয়, যে দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ছেপ্তেম্বৰ মাহৰ দৰমহা ১ অক্টোবৰৰ পৰিৱৰ্তে আজিৰ পৰা মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি দৰমহাৰ বিল আজিৰ পৰা কোষাগাৰসমূহে লাভ কৰিব বুলিও তেওঁ কয়।