October 7, 2024 6:48 PM October 7, 2024 6:48 PM

views 4

শাৰদীয় দুর্গা পূজা উপলক্ষে পূজা সমিতিসমূহৰ মাজত গুৱাহাটী পৌৰ নিগমৰ স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন

শাৰদীয় দুর্গা পূজা উপলক্ষে গুৱাহাটী পৌৰ নিগমে বিগত বৰ্ষৰ দৰে এইবাৰো পূজা সমিতিসমূহৰ মাজত স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই আজি এখন সংবাদমেলযোগে দুৰ্গা পূজাৰ পৰা কালী পূজালৈকে স্বচ্ছতা বজাই ৰখা পূজা সমিতিসমূহক প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰদানৰ কথা ঘোষণা কৰে। এই অনুসৰি প্ৰথম পুৰস্কাৰপ্ৰাপ্ত ২৫ খন পূজা সমিতিক ১০ হাজাৰ টকাকৈ, দ্বিতীয় পুৰস্কাৰপ্ৰাপ্ত ৫০ খন পূজা সমিতিক ৭ হাজাৰ টকাকৈ আৰু তৃতীয় পুৰস্কাৰপ্ৰাপ্ত ১০০ খন পূজা সমিতিক ৫ হাজাৰ টকাকৈ প্ৰদান...