April 11, 2025 6:29 PM

views 15

পুডুচেৰী, কাড়াইকল আৰু য়ানমত অহা ১৫ এপ্ৰিলৰ পৰা পৰৱৰ্তী ৬১ দিনলৈ মাছ ধৰাত নিষেধাজ্ঞা

পুডুচেৰী, কাড়াইকল আৰু য়ানমত অহা ১৫ এপ্ৰিলৰ পৰা পৰৱৰ্তী ৬১ দিনলৈ মাছ ধৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মাহেত অহা পহিলা জুনৰ পৰা এই নিষেধাজ্ঞা কাৰ্যকৰী হ'ব। সাগৰীয় জৈৱ বৈচিত্ৰৰ দীৰ্ঘদিনীয়া বহন ক্ষমতা সুনিশ্চিত কৰাৰ লগতে মাছৰ প্ৰজনন সুনিশ্চিত কৰাৰ লক্ষ্যৰে সাময়িকভাৱে প্ৰতি বছৰে এই মাছধৰা কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰা হয়। কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ মীন বিভাগে এটা প্ৰেছ বিজ্ঞপ্তি যোগে মাছধৰাত নিষেধাজ্ঞা ঘোষণা কৰি কয়, যে অহা ১৫ এপ্ৰিলৰ পৰা ১৪ জুনলৈ পুডুচেৰী, কাড়াইকল আৰু য়ানমৰ উপকূলীয় অঞ্চলত তথা পহি...

December 26, 2024 8:41 PM

views 25

পুডুচেৰী আৰু কৰাইকালৰ বিভিন্ন ঠাইত আজি বিংশতম ছুনামী স্মৃতি দিৱস পালন

পুডুচেৰী আৰু কৰাইকালৰ বিভিন্ন ঠাইত আজি বিংশতম ছুনামী স্মৃতি দিৱস পালন কৰা হয়। উপ- ৰাজ্যপাল কে কৈলাশনাথন আৰু মুখ্যমন্ত্ৰী এন ৰংগাস্বামীয়ে এই স্মৃতিচাৰণ সভাখনৰ অধ্যক্ষতা কৰে। উপস্থিত লোকসকলে ২০০৪ চনত এই বিধবংসী প্ৰাকৃতিক দুৰ্যোগত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সাগৰত দুগ্ধ আৰু ফুল অর্পণ কৰে। উল্লেখযোগ্য যে, এই বিপর্যয়ৰ পৰিণতিত আন বহুতো ৰাজ্যৰ লগতে তামিলনাড়ু, পুডুচেৰী, অন্ধ্ৰ প্ৰদেশ আৰু কেৰালাকে ধৰি দেশৰ বিভিন্ন স্থান ধ্বংসস্তূপত পৰিণত হৈছিল। লগতে পুডুচেৰীত ১০০জনতকৈও অ...

December 8, 2024 8:10 PM

views 18

কেন্দ্রীয় দুর্যোগ ব্যৱস্থাপনা বিভাগৰ এটা দলে পুডুচেৰীত ঘূর্ণীবতাহ ফেংগালৰ ক্ষয়-ক্ষতিৰ বুজ লয়

কেন্দ্রীয় দুর্যোগ ব্যৱস্থাপনা বিভাগৰ যুটীয়া সচিব ৰাজেশ গুপ্তাৰ নেতৃত্বত এটা কেন্দ্রীয় দলে আজি পুডুচেৰীত ঘূর্ণীবতাহ ফেংগালৰ ক্ষয়-ক্ষতিৰ বুজ লয়। দলটোৱে ঘূৰ্ণীবতাহৰ ফলত পানীত বুৰ যোৱা তথা ধাৰাসাৰ বৰষুণে ক্ষতিগ্ৰস্ত কৰা মুলুদয় বিদুৎ যোগান কেন্দ্ৰ পৰিদৰ্শন কৰে। পুডুচেৰী চৰকাৰৰ বিষয়াবৰ্গৰ সৈতে দলটোৱে দলটোৱে মত বিনিময় কৰি ক্ষয়-ক্ষতিৰ সবিশেষ বুজ লয়। তাৰ পাছত দলটো দুটা ভাগত বিভক্ত হৈ নগৰীয়া আৰু গ্ৰামাঞ্চল পৃথককৈ পৰ্যবেক্ষণ কৰে। সন্ধিয়া ভাগলৈ কেন্দ্ৰীয় দলটোৱে উপ-ৰাজ্যপাল কে কৈলাশনাথন আৰু মুখ্...