February 19, 2025 8:27 PM
12
অংগদান কৰা ব্যক্তিসকলক ৰাজ্যিক সন্মানেৰে সন্মানিত কৰাৰ সিদ্ধান্ত পুডুচেৰী চৰকাৰৰ
পুডুচেৰী চৰকাৰে ৰাজ্যখনত চিকিৎসা সেৱাৰ বাবে অংগদান কৰা ব্যক্তিসকলক ৰাজ্যিক সন্মানেৰে সন্মানিত কৰাৰ সিদ্ধান্ত লৈছে। পুডুচেৰী চৰকাৰে ইতিমধ্যে এই সন্দৰ্ভত নীতি নিৰ্দেশনা প্ৰস্তুত কৰিছে। এই অনুসৰি চিকিৎসালয়ত ব্ৰেইন ডে'ড অর্থাৎ মগজু-মৃত ৰোগী সন্দৰ্ভত চিকিৎসালয় কর্তৃপক্ষই জিলা আয়ুক্ত আৰু আঞ্চলিক কৰ্তৃপক্ষক ততালিকে জনাব লাগিব আৰু সেই অনুসৰি সংশ্লিষ্ট কৰ্তৃপক্ষই অংগদান কৰাৰ যোগ্য ব্যক্তিসকলৰ পৰিয়ালৰ ঘৰলৈ গৈ উপযুক্ত সন্মান সহকাৰে অংগদানৰ বাবে সন্মতিপত্ৰ চমজি ল'ব। স্বাধীনতা দিৱস অথবা গণৰাজ্য দিৱসৰ দৰে...