December 5, 2024 8:25 PM December 5, 2024 8:25 PM
16
বিয়লি ৪ বাজি ৪ মিনিটত শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা PSLV-C59 উৎক্ষেপন
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ নৱতম মহাকাশ যান PSLV-C59 ৰ জৰিয়তে আজি বিয়লি ৪ বাজি ৪ মিনিটত শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ইউৰোপীয় মহাকাশ সংস্থাৰ প্রোবা থ্ৰী কৃত্রিম উপগ্ৰহ দুটা সফলতাৰে উৎক্ষেপন কৰা হয়। উৎক্ষেপনৰ পাছত সামাজিক মাধ্যমযোগে ভাৰতীয় মহাকাশ সংস্থাই প্ৰকাশ কৰে যে, PSLV-C59 ৰ জৰিয়তে ইছৰোৰ কাৰিকৰী বিশেষজ্ঞই নিউস্পেচ ইণ্ডিয়া লিমিটেডৰ নেতৃত্বত ইউৰোপীয় মহাকাশ সংস্থাৰ উপগ্রহ প্রোবা থ্ৰী সফলতাৰে উৎক্ষেপন কৰে। উল্লেখযোগ্য যে নিউস্পেচ ইণ্ডিয়া লিমিটেড হৈছে ভাৰতীয় মহাকাশ গ...