November 17, 2025 6:39 PM November 17, 2025 6:39 PM

views 18

ৰাজ্যৰ ৬ টা জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত

ৰাজ্যৰ ৬ টা জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষকৈ উজনি অসমৰ জিলাকেইখনত প্ৰতিবাদ অব্যাহত আছে। আজি দিছপুৰ প্ৰেছ ক্লাবত টাই আহোম যুৱ পৰিষদ অসমে এখন সংবাদমেলত অনুষ্ঠিত কৰি জনজাতিকৰণৰ দাবী সজোৰে উত্থাপন কৰে। এই দাবী পূৰণ নহ'লে অনাগত সময়ত আন্দোলন তীব্ৰ কৰি তোলা হ'ব বুলিও তেওঁলোকে লগতে উল্লেখ কৰে।

September 11, 2025 12:55 PM September 11, 2025 12:55 PM

views 19

২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত জনজাতিকৰণৰ দাবীত পুনৰ আন্দোলন আৰম্ভ

● ২০২৬ চনত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত জনজাতিকৰণৰ দাবীত আন্দোলন পুনৰ আৰম্ভ হৈছে। জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসনৰ দাবীত কালি তিনিচুকীয়া জিলাত সদৌ মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বত এটা বৃহৎ জোঁৰ সমদল উলিওৱা হয়। জনজাতিকৰণ মৰাণসকলৰ নাৰ্য্য প্রাপ্তি বুলি দাবী কৰি এই লৈ কোনোধৰণৰ ৰাজনৈতিক বঞ্চনা সহ্য কৰা নহ'ব বুলি জনগোষ্ঠীটোৰ হাজাৰ হাজাৰ প্ৰতিনিধিয়ে কালি তিনিচুকীয়া চহৰত এই প্রতিবাদত ভাগ লয়। তিনিচুকীয়া আই টি আই খেলপথাৰৰ পৰা নগৰখনৰ থানা চাৰিআলি লৈ প্ৰায় ৫ কিলোমিটাৰ পথজুৰি জোঁৰ সমদল কৰ...