November 21, 2025 11:18 AM

views 49

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ৰাজ্যত প্রতিবাদী কার্যসূচী অব্যাহত

ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে ৰাজ্যৰ বিভিন্ন জিলাত প্রতিবাদী কার্যসূচী অব্যাহত আছে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই চৰাইদেউ জিলা সমিতিৰ নেতৃত্বত সোণাৰিত কালি হাজাৰ হাজাৰ লোকে প্রতিবাদী সমদল উলিয়ায়। প্রতিবাদকাৰীসকলে জনজাতিকৰণৰ উপৰি মজুৰি বৃদ্ধি আৰু ম্যাদিপট্টাৰ দাবী জনায়। সদৌ টাই-আহোম ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানমর্মে যোৰহাট জিলা সমিতিৰ উদ্যোগত কালি জনজাতিকৰণ আৰু স্বায়ত্ত শাসনৰ দাবীৰে মৰিয়নিত জোৰ সমদল উলিওৱা হয়। সংগঠনটোৱে ২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে টাই-আহোমক জনজাতিকৰণ আৰু স্বায়ত্ত শাসন প্ৰদানৰ...

October 14, 2025 11:38 AM

views 43

জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়ত আদিবাসী চাহ জনগোষ্ঠীৰ প্ৰতিবাদ

ডিব্ৰুগড়ত কালি আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । জিলাখনৰ ১৭৭ খন চাহ বাগিচাৰ শ্ৰমিকে চৌকিদিঙি চাৰিআলিত সমবেত হৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ইপিনে, কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত কালি সদৌ অসম কোচ ৰাজবংশী ছাত্রসন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে জিলাখনত দুঘণ্টাজোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

October 8, 2025 8:43 PM

views 27

বঙাইগাওঁ শোধানাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰত শ্রমিক সংগঠনৰ প্ৰতিবাদ সাব্যস্ত

বঙাইগাওঁ শোধনাগাৰ কৰ্তৃপক্ষৰ লগতে শোধানাগাৰৰ ঠিকাভিত্তিক প্ৰতিষ্ঠানৰ শ্রমিক বিৰোধী নীতিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি চিৰাং জিলাৰ ঢালিগাঁৱৰ বঙাইগাওঁ শোধানাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰত আজি শ্রমিক সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে। শোধানাগাৰৰ ভিতৰচ'ৰাত নিৰ্মাণকাৰ্যত জড়িত ঠিকাদাৰ গোষ্ঠীক অস্থায়ী শ্ৰমিকসকলক কামৰ পৰা অব্যাহতি দিয়া, শ্ৰমিকক প্রাপ্য মজুৰি আদায় নিদিয়া আদি অভিযোগ উত্থাপন কৰি কেইবাশতাধিক শ্রমিকে ৪ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

September 25, 2025 10:22 PM

views 62

প্রিয় শিল্পী জুবিন গাৰ্গৰ অকাল আৰু অস্বাভাৱিক মৃত্যুৰ ঘটনাক লৈ ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ সাব্যস্ত

প্রিয় শিল্পী জুবিন গাৰ্গৰ অকাল আৰু অস্বাভাৱিক মৃত্যুৰ ঘটনাক লৈ ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে আজিও প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দোষীক শীঘ্ৰেই কৰায়ত্ত কৰাৰ বাবে দাবী উত্থাপন কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই আজি শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি গুৱাহাটী ছহিদ ন্যাস ভৱনত সংবাদ মাধ্যমক সম্বোধন কৰে। সংগঠনটোৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাৰ লগতে এই ঘটনাৰ প্ৰতিবাদত কাইলৈ প্ৰতিখন জিলাৰ সদৰ স্থানত মমবাতি জ্বলাই সমদল কৰা হ'ব বুলি জানিবলৈ দিয়ে। তেওঁলোকে এই তদন্ত ক্ষীপ্ৰ আৰ...

September 11, 2025 3:34 PM

views 22

নেপালত প্রাক্তন মুখ্য ন্যায়াধীশ সুশীলা কার্তিকক অন্তৱৰ্তী প্রধানমন্ত্ৰী পদৰ বাবে মনোনীত প্ৰতিবাদী প্ৰতিনিধিবর্গৰ

■ নেপালত চলি থকা ৰাজনৈতিক অচলাৱস্থাৰ মাজতে ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ প’ডেল, দেশখনৰ স্থল সেনা বাহিনীৰ মুৰব্বী অশোক ৰাজ ছিগডেল আৰু যুৱ প্ৰতিবাদকাৰীৰ প্ৰতিনিধিবর্গৰ সৈতে আজি অন্তৱৰ্তী চৰকাৰৰ নেতৃত্বৰ বিষয়টো লৈ আলোচনা অনুষ্ঠিত হ'ব। যুৱ প্ৰতিবাদকাৰীৰ প্ৰতিনিধিবর্গই প্রাক্তন মুখ্য ন্যায়াধীশ সুশীলা কার্তিক অন্তৱৰ্তী প্রধানমন্ত্ৰী পদৰ বাবে মনোনীত কৰিছে। নেপালত সেনা বাহিনীৰ সৈতে যুৱ প্ৰতিবাদকাৰীৰ আলোচনাত প্ৰত্যক্ষভাৱে নিৰ্বাচিত কার্যপালিকা, যুৱ প্ৰজন্মক অন্তৰ্ভুক্ত কৰাৰ বাবে যুক্তৰাষ্ট্ৰীয় সংসদীয় নির্বাচন...

September 11, 2025 12:55 PM

views 49

২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত জনজাতিকৰণৰ দাবীত পুনৰ আন্দোলন আৰম্ভ

● ২০২৬ চনত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত জনজাতিকৰণৰ দাবীত আন্দোলন পুনৰ আৰম্ভ হৈছে। জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসনৰ দাবীত কালি তিনিচুকীয়া জিলাত সদৌ মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বত এটা বৃহৎ জোঁৰ সমদল উলিওৱা হয়। জনজাতিকৰণ মৰাণসকলৰ নাৰ্য্য প্রাপ্তি বুলি দাবী কৰি এই লৈ কোনোধৰণৰ ৰাজনৈতিক বঞ্চনা সহ্য কৰা নহ'ব বুলি জনগোষ্ঠীটোৰ হাজাৰ হাজাৰ প্ৰতিনিধিয়ে কালি তিনিচুকীয়া চহৰত এই প্রতিবাদত ভাগ লয়। তিনিচুকীয়া আই টি আই খেলপথাৰৰ পৰা নগৰখনৰ থানা চাৰিআলি লৈ প্ৰায় ৫ কিলোমিটাৰ পথজুৰি জোঁৰ সমদল কৰ...