May 29, 2025 6:51 PM

views 30

১,২৪৫টা ভূমিহীন পৰিয়ালক ভূমি অধিকাৰৰ প্ৰমাণপত্ৰ বিতৰণ বি টি আৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৰ

বি টি আৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে আজি কোকৰাঝাৰ জিলাৰ পৰ্বতঝৰা মহকুমাৰ কাজিগাঁও গাৰোপাৰা যুৱ ক্রীড়া ক্লাবত আয়োজিত অনুষ্ঠানত ১,২৪৫টা ভূমিহীন পৰিয়ালক ভূমি অধিকাৰৰ প্ৰমাণপত্ৰ বিতৰণ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত শ্ৰীবড়োৱে বি টি আৰৰ প্ৰতিটো পৰিয়ালক ভূমি দিয়াৰ বাবে প্রশাসন দায়বদ্ধ বুলি উল্লেখ কৰে। তেওঁ কয় যে পর্বতঝোৰাৰ ১,৫০০ৰো অধিক পৰিয়ালক ভূমিৰ অধিকাৰ প্ৰদান ব্যৱস্থাৰে সামৰি লোৱা হব আৰু ১০ জুলাইৰ পূৰ্বে তেওঁলোকে এই প্ৰমাণপত্ৰ লাভ কৰিব। তেওঁ কয় যে ভূমি অধিকাৰ প্ৰদা...

February 14, 2025 7:49 PM

views 37

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী প্রস্তুতি সন্দৰ্ভত বি টি আৰৰ প্ৰধান প্ৰমোদ বড়োৰ বৈঠক

কোকৰাঝাৰৰ বি টি আৰ বিধান পৰিষদীয় ভৱনত হ'বলগীয়া অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী প্রস্তুতি সন্দৰ্ভত বুজ ল’বলৈ বি টি আৰৰ প্ৰধান প্ৰমোদ বড়োৱে আজি সংশ্লিষ্ট সকলো বিভাগৰ কাৰ্যবাহী সদস্য, সচিব আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত বাজেট অধিৱেশন নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো প্ৰস্তুতিৰ পৰ্যালোচনা কৰা হয়। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰী বড়োয়ে কয়, যে বি টি আৰলৈ ইতিবাচক পৰিৱৰ্তন আৰু প্ৰগতি অনাৰ ক্ষেত্ৰত এই বাজেট অধিৱেশন অতি গুৰুত্বপূৰ্ণ ...

December 13, 2024 6:41 PM

views 28

কোকৰাঝাৰত বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটিকে ধৰি অন্যান্য সাহায্য সামগ্ৰী আৰু নগদ ধন বিতৰণ প্রমোদ বড়োৰ

বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে আজি কোকৰাঝাৰত বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটিকে ধৰি অন্যান্য সাহায্য সামগ্ৰী আৰু নগদ ধন বিতৰণ কৰে। মুখ্য মন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত ১১,৫০৪ খন চাইকেল নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰা হয়। বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত ৩৭৩ খন স্কুটি আৰু আনন্দৰাম বৰুৱা মেধা বঁটাৰ অধীনত ৩৬৫ গৰাকী ছাত্ৰ-ছাত্ৰীক নগদ ধন প্ৰদান কৰা হয়।

August 18, 2024 7:50 PM

views 27

বড়ো আন্দোলনৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰীৰ সোঁৱৰণত বি টি চি প্ৰশাসনৰ প্ৰেক্ষাগৃহ নিৰ্মাণৰ আঁচনি

বড়ো আন্দোলনৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰীৰ সোঁৱৰণত বি টি চি প্ৰশাসনে ৪০ টা পৰিষদীয় সমষ্টিত প্ৰেক্ষাগৃহ নিৰ্মাণৰ আঁচনি প্ৰস্তুত কৰিছে। এই অনুসৰি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে আজি জিলা সদৰ কাজলগাঁও বজাৰৰ ওচৰত এটা প্ৰেক্ষাগৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। কাৰ্যসূচী ৰূপায়ণ কৰি শ্ৰী বড়োৱে প্ৰেক্ষাগৃহটোত ছশৰ পৰা সাতশ জন লোক বহিব পাৰিব বুলি ব্যক্ত কৰে। তেওঁ এবছৰত প্ৰেক্ষাগৃহটোৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব বুলি জানিবলৈ দিয়ে। আধাৰশিলা স্থাপন অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ৰণগৌড়া নাৰ্জাৰী, লোকসভাৰ ...