April 15, 2025 2:32 PM

views 38

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ স্বামী ৰবাৰ্ট ৱাদ্ৰাক বিধি বলৱতকাৰী সঞ্চালকালয়ৰ সোধাপোছা

বিধি বলৱতকাৰী সঞ্চালকালয়ে কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ স্বামী ৰবাৰ্ট ৱাদ্ৰাক হাৰিয়ানাৰ ভূমি চুক্তিৰ সৈতে জড়িত ধন সৰবৰাহৰ তদন্ত সংক্ৰান্তত সোধাপোছা কৰিছে। গুৰুগ্ৰামৰ শ্ৰী ৱাদ্ৰাৰ মালিকানাধীন এটা কোম্পানীয়ে ভূমি ক্ৰয়ৰ সৈতে এই গোচৰটো জড়িত। ইয়াৰ পূৰ্বে আজি পুৱা ৱাদ্ৰাই ৰাষ্ট্ৰীয় ৰাজধানীস্থিত সঞ্চালকালয়ৰ কাৰ্যালয়ত উপস্থিত হয়।

May 25, 2024 5:32 PM

views 42

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযান অব্যাহত

♦ লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযান অব্যাহত আছে। উত্তৰ প্ৰদেশত প্ৰধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি গাজিপুৰ সমষ্টিত নির্বাচনী সভাত অংশগ্ৰহণ কৰিব। এই সমষ্টিত তেওঁ বিজেপিৰ প্ৰাৰ্থী পৰশনাথ ৰাইৰ হৈ প্ৰচাৰ চলাব। ইপিনে সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱৰ লগতে দলটোৰ নেতা ডিম্পল যাদৱ আৰু কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই বাৰানসীত আজি ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিদ্বন্দ্বিতা কৰা এই সমষ্টিটোত কংগ্ৰেছৰ অজয় ৰায় প্...

April 17, 2024 8:13 PM

views 40

ছাহাৰানপুৰত প্রিয়ংকা গান্ধীৰ ৰোড শ্ব’

কংগ্ৰেছ নেত্রী প্রিয়ংকা গান্ধীয়ে আজি কংগ্ৰেছ প্ৰাৰ্থী ইমৰাণ মাছুদৰ হৈ ছাহাৰানপুৰত এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰে। কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় যে দেশে ক্ষমতাক নহয় সত্যক পূজা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কটাক্ষ কৰি তেওঁ কয় যে প্রধানমন্ত্ৰীগৰাকীয়ে সত্যক নহয় ক্ষমতাকহে পূজা কৰে৷ বিজেপি চৰকাৰে সদায় ধনী লোকৰ বাবে কাম কৰি আহিছে আৰু দুখীয়া লোকে একো লাভ কৰা নাই বুলি প্ৰিয়ংকা গান্ধীয়ে উল্লেখ কৰে। তেওঁ কয়, বিজেপিয়ে নির্বাচনী বণ্ড আঁচনি আনিছিল আৰু এই তালিকাৰ নাম গোপনীয় কৰি ৰাখিব বিচাৰিছিল যদিও উ...