December 27, 2024 3:46 PM

views 27

কাইলৈ ড০ মনমোহন সিঙৰ শেষ কৃত্য

যোৱা নিশা দেহাৱসান ঘটা প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ নশ্বৰদেহ বৰ্তমান নতুন দিল্লীৰ মতিলাল নেহৰু মাৰ্গত থকা তেওঁৰ বাসগৃহত ৰখা হৈছে আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে নেতাগৰাকীৰ প্ৰতি শেষ শ্রদ্ধা তৰ্পণ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মূৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে আজি প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ নশ্বৰদেহত পুষ্পার্ঘ্য নিবেদন কৰি তেওঁৰ প্ৰতি সন্মান জনায়। কংগ্ৰেছ দলৰ সূত্ৰই জনোৱা মতে কাইলৈ ড০ মনমোহন সিঙৰ অন্তিম যাত্রা অনুষ্ঠিত ...