September 18, 2024 11:58 AM

views 15

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২১ৰ পৰা ২৩ ছেপ্টেম্বৰলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ২১ৰ পৰা ২৩ ছেপ্টেম্বৰলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব। শ্রীমোদীয়ে ২১ ছেপ্টেম্বৰত ৱাশ্বিংটনৰ ডেলাৱেৰত হ'বলগীয়া কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ চতুৰ্থ শীৰ্ষ সন্মিলনত ভাগ ল'ব। ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনুৰোধ মৰ্মে অহা বছৰ কোৱাড শীৰ্ষ সন্মিলনৰ আয়োজন কৰিবলৈ সন্মতি প্রকাশ কৰিছে। বিদেশ মন্ত্রালয়ে কৈছে যে বৈঠকত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলে বিগত এটা বছৰত ৰাষ্ট্ৰগোষ্ঠীটোৱে লাভ কৰা প্ৰগতিৰ পৰ্যালোচনা চলাব। তেওঁলোকে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ দেশসমূহক নিজৰ নিজৰ উন্নয...