September 15, 2024 5:59 PM

views 35

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা ৰাঁচী বিমান বন্দৰৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে ৬ খন বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাঁচী বিমান বন্দৰৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৬ খন বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। পূৰ্বতে জামছেদপুৰৰ পৰা এই বন্দে ভাৰত ৰেলগাড়ীকেইখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰাৰ কথা আছিল যদিও ধাৰাষাৰ বৰষুণৰ বাবে প্রধানমন্ত্ৰী জামছেদপুৰত উপস্থিত হ'ব নোৱাৰাত ৰাঁচীৰ পৰাই ৰেলগাড়ীকেইখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। শ্ৰীমোদী জামছেদপুৰলৈ ৰাওনা হোৱাৰ উদ্দেশ্যে পুৱাৰ ভাগত ৰাঁচী বিমানবন্দৰত উপস্থিত হয় যদিও প্ৰতিকূল বতৰ আৰু দৃশ্যমানতা হ্ৰাস পোৱাৰ বাবে যাত্রা বাতিল কৰিবলগীয়া হয়।...

August 31, 2024 12:46 PM

views 26

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি ৩খন বন্দে ভাৰত ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৩খন বন্দে ভাৰত ৰে'লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ পৰিকল্পনা বাস্তবায়িত কৰা এই অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লগাড়ী কেইখন মিৰাট-লক্ষ্ণৌ, মডুৰাই-বেংগালুৰু আৰু চেন্নাই-নাগৰক'ইল সংযোগী পথেৰে চলাচল কৰিব। এই নতুন বন্দে ভাৰত ৰে'লগাড়ী কেইখনে যাতায়াতৰ বিশ্বমানৰ মাধ্যম প্ৰদান কৰিব আৰু ইয়াৰ পৰা উত্তৰ প্ৰদেশ, তামিলনাডু আৰু কৰ্ণাটকৰ জনসাধাৰণ উপকৃত হ'ব। এই বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লগাড়ী কেইখনৰ ...