June 13, 2024 12:14 PM June 13, 2024 12:14 PM
12
জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে আজি ইটালীলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ হ’বলগীয়া জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে আজি ইটালীলৈ বুলি ৰাওনা হ’ব। বিদেশ সচিব বিনয় কোৱাট্ৰাই কালি বিয়লি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰতক আউটৰীচ ৰাষ্ট্ৰ হিচাপে এই সন্মিলনলৈ আমন্ত্ৰণ জনোৱা হৈছে। একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ এয়া প্ৰথম বিদেশ ভ্রমণ হ'ব বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীকোৱাট্ৰাই কয় যে, প্রধানমন্ত্ৰীৰ এই ভ্রমণে ভাৰত আৰু গ্ল’বেল ছাউথৰূপে পৰিচিত ৰাষ্ট্ৰসমূহ...