August 20, 2024 12:12 PM

views 14

পেৰিছ পেৰালিম্পিকত অংশগ্রহণ কৰিবলগীয়া ভাৰতীয় খেলুৱৈসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ মতবিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৮ আগষ্টৰ পৰা পেৰিছত হ'বলগীয়া পেৰালিম্পিকত অংশগ্রহণ কৰিবলগীয়া ভাৰতীয় দলৰ সদস্যসকলৰ সৈতে কালি মত বিনিময় কৰে। ভিডিঅ' কনফাৰেন্সিক ব্যৱস্থাৰে আয়োজিত এই বার্তালাপত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই খেলুৱৈসকলে দেশলৈ গৌৰৱ কঢ়িৱাই আনিব বুলি আশা প্রকাশ কৰে। তেওঁ কয় যে, খেলুৱৈসকলৰ এই যাত্ৰা তেওঁলোকৰ জীৱন আৰু কেৰিয়াৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই যাত্ৰা দেশৰ বাবেও সমানে গুৰুত্বপূৰ্ণ বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে, দেশৰ ১৪০ জনসাধাৰণে খেলুৱৈসকলক...