December 17, 2024 11:14 AM

views 11

ৰাষ্ট্ৰপতি ভৱনত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ সন্মানাৰ্থে নৈশভোজৰ আয়োজন ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি ৰাষ্ট্ৰপতি ভৱনত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰ কুমাৰ দিছানায়কৰ সন্মানাৰ্থে নৈশভোজৰ দিহা কৰে। নৈশভোজত ভাগলোৱা শ্ৰীদিছানায়ক আৰু তেওঁৰ সৈতে অহা প্ৰতিনিধি দলটোক আদৰণি জনাই ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে শ্ৰীলংকাৰ শেহতীয়া নিৰ্বাচনত জয়লাভ কৰা বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰে। অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে, ভাৰতৰ চুবুৰীয়া প্ৰথম নীতি তথা সাগৰ লক্ষ্যৰ ক্ষেত্ৰত শ্ৰীলংকা অতি গুৰুত্বপূৰ্ণ অংশ। ঘনিষ্ঠ আৰু বিশ্বাসযোগ্য সহযোগী হিচাপে বহনক্ষম অর্থনৈতিক উন্নয়নৰ...