October 16, 2025 7:51 PM

views 15

ৰাষ্ট্ৰসংঘৰ অভিযানত অৱদান আগবঢ়োৱা দেশসমূহৰ সেনা মুৰব্বীৰ সন্মিলনত ৰাষ্ট্ৰপতিৰ অংশগ্ৰহণ

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে আজি নতুন দিল্লীত আয়োজিত ৰাষ্ট্ৰসংঘৰ অভিযানত অৱদান আগবঢ়োৱা দেশসমূহৰ সেনা মুৰব্বীসকলৰ সন্মিলনত ভাগ লোৱা সেনাবাহিনীৰ মুৰব্বী আৰু উপ-মুৰব্বীসকলক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যমযোগে সন্মিলনত অংশ লোৱা প্রতিনিধিসকলক আদৰণি জনায় আৰু বিশ্বশান্তি তথা সুস্থিৰতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী অভিযানৰ মাধ্যমেৰে আগবঢ়োৱা অৱদানৰ শলাগ লয়। ৰাষ্ট্ৰপতিয়ে লগতে শান্তিৰক্ষী অভিযানৰ প্ৰতি দেশৰ প্ৰতিশ্রুতিবদ্ধতা আৰু সেনাবাহিনীত লিংগ অন্তর্ভুক্তি প্ৰসাৰৰ ক্...