November 22, 2025 12:11 PM
16
ছেকণ্ডৰাবাদৰ ৰাষ্ট্ৰপতি নীলয়মত ভাৰতীয় কলা মহোৎসৱৰ দ্বিতীয় সংস্কৰণ মুকলি
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ছেকণ্ডৰাবাদৰ ৰাষ্ট্ৰপতি নীলয়মত কালি ভাৰতীয় কলা মহোৎসৱৰ দ্বিতীয় সংস্কৰণ মুকলি কৰে। ৰাষ্ট্ৰপতি নীলয়মে সংস্কৃতি মন্ত্ৰ্যালয়, বস্ত্ৰ মন্ত্ৰ্যালয় আৰু পৰ্যটন মন্ত্ৰ্যালয়ৰ সহযোগত এই ৯-দিনীয়া সাংস্কৃতিক মহোৎসৱৰ আয়োজন কৰিছে। মহোৎসৱত গুজৰাট, মহাৰাষ্ট্ৰ, ৰাজস্থান, গোৱা, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ বৰ্ণাঢ্য সাংস্কৃতিক ঐতিহ্যক প্ৰদৰ্শন কৰা হ'ব। অনুষ্ঠানত ভাষণ দি শ্রীমতী মুৰ্মুৱে কয়, যে ভাৰতীয় কলা মহোৎসৱৰ প্ৰথম সংস্কৰণত জনসাধাৰণক উত্তৰ-পূব ভাৰতৰ সাংস্কৃ...