August 8, 2025 8:33 PM

views 14

ৰাখীবন্ধন উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰোপদী মুৰ্মুৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰোপদী মুৰ্মুৱে কাইলৈ ৰাখীবন্ধন উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে পৱিত্ৰ ৰাখীবন্ধনে ভাতৃ আৰু ভগ্নীসকলৰ মাজত স্নেহ আৰু বিশ্বাসৰ অনন্য বান্ধোনক প্ৰতিফলিত কৰে। তেওঁ কয় যে এই উত্সৱে সমাজৰ বাবে সমন্বয় আৰু একতাৰ বাৰ্তা প্ৰেৰণ কৰে। শ্ৰীমতী মুৰ্মুৱে লগতে কয় যে এই ৰাখীবন্ধনে মানৱীয় প্ৰমূল্য আৰু ভাৰতৰ চহকী সাংস্কৃতিক পৰম্পৰা ৰক্ষাৰ সুবিধা প্ৰদান কৰাই নহয়, ই মহিলাসকলক সন্মান কৰাৰ লগতে তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে প্ৰতিগৰাকী লোককে সবল কৰি...