January 12, 2026 12:32 PM

গুৱাহাটী প্ৰেছ ক্লাবত প্রাক ভোগালী সাংবাদিকৰ আড্ডা শীর্ষক মনোগ্রাহী অনুষ্ঠানৰ আয়োজন

গুৱাহাটী প্ৰেছ ক্লাবত কালি প্রাক ভোগালী সাংবাদিকৰ আড্ডা শীর্ষক এটা মনোগ্রাহী অনুষ্ঠান আয়োজিত হয়। অনুষ্ঠানত বহুকেইজন সাংবাদিকে নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰে। ইয়াৰ লগতে সাংবাদিকসকলে লোকনৃত্য, ঝুমুৰ আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। এই অনুষ্ঠানত জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি জনাই সাংবাদিকসকলে কেইবাটাও গীত পৰিৱেশন কৰে। অনুষ্ঠানত সংগীত শিল্পী তৰালী শৰ্মা উপস্থিত থাকে। এই অনুষ্ঠানৰ পূর্বে বিয়লি আয়োজিত গুৱাহাটী প্ৰেছ ক্লাবৰ এই মাহৰ অতিথি শিতানত পাঁচবাৰকৈ ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা বিজয়ী অভিনেত্রী ...