January 21, 2025 9:19 PM

views 8

সংসদীয় নিকায়সমূহ উন্নত আৰু গুৰুত্বপূৰ্ণ বিতৰ্ক আৰু আলোচনাৰ স্থানৰূপে গঢ়ি তোলাত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ গুৰুত্ব আৰোপ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংসদীয় নিকায়সমূহ উন্নত আৰু গুৰুত্বপূৰ্ণ বিতৰ্ক আৰু আলোচনাৰ স্থানৰূপে গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছে। বিহাৰৰ ৰাজধানী পাৰ্টনাত আজি ৮৫ সংখ্যক সৰ্বভাৰতীয় অধ্যক্ষ আৰু সভাপতিসকলক অভিৱৰ্তনৰ সামৰণি অনুষ্ঠানত ভাষণ দি অধ্যক্ষগৰাকীয়ে কয়, যে সকলো প্রতিনিধিয়ে আলাপ-আলোচনাৰ প্ৰসাৰৰ হকে সংকল্প গ্রহণ কৰিছে। তেওঁ কয়, যে সকলো অংশগ্ৰহণকাৰীয়ে সংসদীয় নিকায়সমূহৰ উৎপাদনশীলতা আৰু দায়ৱদ্ধতা বৃদ্ধি কৰিবলৈ সন্মতি প্ৰকাশ কৰাৰ বাবে এই দুদিনীয়া অভিৱৰ্তন অতিকে ফলপ্ৰসূ হৈ উঠিছে। অধ্যক্ষ আৰু ...