October 25, 2024 10:45 AM

views 12

দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মৰ ছত্তিশগড় ভ্ৰমণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্ম আজি দুদিনীয়া ভ্ৰমণসূচীৰে ছত্তিশগড়লৈ যাব। শ্ৰীমতী মুৰ্মুৱে আজি ৰায়পুৰৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্রতিষ্ঠান এইমছ আৰু এন আই টি সমাৱৰ্তন সমাৰোহত ভাগ ল'ব। তেওঁ লগতে নয়া ৰায়পুৰৰ পুৰখৌতি মুক্তাংগন পৰিদৰ্শন কৰিব। কাইলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে আই আই টি ভিলাইৰ সমাৱৰ্তন অনুষ্ঠানত অংশ ল'ব। তেওঁ লগতে পণ্ডিত দীন দয়াল উপাধ্যায় স্বাস্থ্য বিজ্ঞান আৰু আয়ুষ বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তন অনুষ্ঠানত উপস্থিত থাকিব।

October 4, 2024 6:40 PM

views 11

নিকা আৰু সুস্থ সমাজৰ বাবে আধ্যাত্মিকতা শীৰ্ষক গোলকীয় সন্মিলন উদ্বোধন ৰাষ্ট্ৰপতিৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাজস্থানত এখন নিকা আৰু সুস্থ সমাজৰ বাবে আধ্যাত্মিকতা শীৰ্ষক এখন গোলকীয় সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। এই উপলক্ষে দিয়া ভাষণত শ্ৰীমতী মুৰ্মুৱে কয় যে, আধ্যাত্মিকতাৰ জৰিয়তে কেৱল ব্যক্তিগত জীৱনৰে নহয়, সমাজ তথা পৃথিৱীয়ে সম্প্রতি সন্মুখীন হোৱা বিভিন্ন সমস্যাও সমাধন কৰিব পৰা যায়। এই সন্মিলনখন আবু ৰোডত ব্ৰহ্মকুমাৰী সংস্থানে আয়োজন কৰিছে। শ্ৰীমতী মুৰ্মুৱে কয় যে, পৃথিৱীৰ প্ৰায় সকলো ঠাইতে বর্তমান মানৱীয় প্ৰমূল্যৰ অৱনতী ঘটাৰ সময়ত শান্তি আৰু একতা...