August 22, 2024 7:18 PM

views 36

ৰাষ্ট্ৰপতি ভৱনত আজি ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰসমূহ প্ৰদান

ৰাষ্ট্ৰপতি দ্রৌপদী মুমুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ প্ৰদান কৰে। অসমৰ দুগৰাকী বিজ্ঞানী ডº পূৰৱী শ‍ইকীয়া আৰু ডº বাপ্পি পলে ৰাষ্ট্ৰপতিৰ পৰা ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ গ্ৰহণ কৰে। ইপিনে, ৰাষ্ট্ৰপতিয়ে প্ৰফেছৰ গোবিন্দাজন পদ্মনাভনক ২০২৪ বৰ্ষৰ বিজ্ঞান ৰত্ন বঁটা প্ৰদান কৰে ৷ কৃষি বিজ্ঞানক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ডº অনন্তৰামকৃষ্ণণক বিজ্ঞানশ্রী সন্মান প্রদান কৰা হয়। মুম্বাইৰ ভাবা পৰমাণু গৱেষণা কেন্দ্ৰৰ ডº আৱেশ কুমাৰক পৰমাণু শক্তি খণ্ডৰ বাবে বিজ্ঞানশ...