August 15, 2025 9:18 AM

views 14

ভাৰত ২০৪৭ চনৰ ভিতৰত উন্নত অৰ্থব্যৱস্থা হোৱাৰ দিশে ধাৱমান হৈছেঃ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু

ভাৰত ২০৪৭ চনৰ ভিতৰত উন্নত অৰ্থব্যৱস্থা হোৱাৰ দিশে ধাৱমান হৈছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্ সন্ধিয়া ৰাষ্ট্ৰক উদ্দেশি দিয়া ভাষণত শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে সামাজিক খণ্ডৰ উদ্যমৰ লগতে সৰ্বাংগীন অর্থনৈতিক বিকাশৰ বাবে এয়া সম্ভৱ হৈ উঠিছে। তেওঁ কয়, যে অমৃত কাল অর্থাৎ‍ স্বাধীনতা লাভৰ ৭৫ বছৰৰ পৰা ১০০ বছৰৰ সময়ছোৱাত দেশ প্ৰগতিৰ পথত আগবাঢ়িছে আৰু প্ৰতিগৰাকী নাগৰিকে এই ক্ষেত্ৰত সামর্থ্য অনুযায়ী অৱদান আগবঢ়াইছে। যুৱ প...

January 25, 2025 8:28 PM

views 12

এখন দেশ, এটা নির্বাচন বিধেয়কখনে সুপ্ৰশাসনৰ সংজ্ঞা নতুনকৈ নিৰ্ধাৰণ কৰিব – শ্ৰীমতী দ্রৌপদী মুৰ্মু

সংসদত উত্থাপিত এখন দেশ, এটা নির্বাচন বিধেয়কখনে সুপ্ৰশাসনৰ সংজ্ঞা নতুনকৈ নিৰ্ধাৰণ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি গণৰাজ্য দিৱসৰ প্ৰাক সন্ধিয়া ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দি এইদৰে প্ৰকাশ কৰে ৷ তেওঁ কয়, যে এখন ৰাষ্ট্ৰ এটা নিৰ্বাচন পৰিকল্পনাই প্ৰশাসনলৈ সুস্থিৰতা আনিব, নীতি স্থবিৰতা দূৰ কৰিব, সম্পদৰ বিচ্যুতি ৰোধ কৰিব আৰু বিত্তীয় বোজা লাঘব কৰিব। এনেধৰণৰ ব্যাপক সংস্কাৰৰ বাবে সাহসী দৃষ্টিভংগীৰ প্ৰয়োজন বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। শ্ৰীমতী মুৰ্মুৱে কয়, যে দেশত ১৯৪৭ চনৰে পৰা ভাৰতীয়...