April 29, 2025 11:16 AM

views 24

ৰাষ্ট্ৰপতি ভৱনত ৭১গৰাকী ব্যক্তিক ২০২৫ বৰ্ষৰ পদ্ম বঁটা প্ৰদান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি ৭১ গৰাকী ব্যক্তিক ২০২৫ বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰে। দেশৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটা- পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী এই তিনিটা শিতানত প্ৰদান কৰা হয়৷ অসমৰ সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অনিল কুমাৰ বড়ো আৰু ডিমা হাচাও জিলাৰ প্ৰবীণ লোকসংগীত শিল্পী জয়নাচৰণ বাথাৰীলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হয়। পদ্মভূষণ বঁটা লাভ কৰা সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক নৃত্যাচার্য যতীন গোস্বামীক পৰৱৰ্তী পৰ্যায়ত এই বঁটা প্ৰদান কৰা হ'ব। বিশি...