September 5, 2025 11:34 AM

views 19

ওনাম উপলক্ষে দেশৱাসীক ওলগ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ওনাম উপলক্ষে দেশৱাসী বিশেষকৈ কেৰালাৰ জনসাধাৰণক ওলগ জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এই উপলক্ষে দিয়া এটা বাৰ্তাত কয়, যে এই উৎসৱ কেৰালাৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাৰ অনন্য নিদর্শন। তেওঁ কয়, যে এই উৎসৱে জনসাধাৰণক সাংস্কৃতিক ধৰ্মীয় বিশ্বাসৰ উপৰি একতা, সহযোগিতা আৰু সমন্বয়ৰ গুৰুত্বৰ বিষয়ে সোঁৱৰাই দিয়ে। ওনাম দেশৰ কৃষকসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ উপলক্ষ বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে।