September 18, 2024 11:56 AM

views 16

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু আজি ৰাজস্থান, মধ্যপ্ৰদেশ, ঝাৰখণ্ড ভ্ৰমণলৈ যাব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি ৰাজস্থান, মধ্য প্ৰদেশ আৰু ঝাৰখণ্ড ভ্ৰমণলৈ যাব। জয়পুৰত তেওঁ মালব্য ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ সমাৱৰ্তন সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব আৰু সমাৱৰ্তনত ভাষণ প্ৰদান কৰিব। শ্রীমতী মুৰ্মুৱে লগতে শিক্ষাৰ্থীসকলৰ বাবে ৬০০খন বিছনাযুক্ত আৰাৱলী ছাত্রাৱাসো মুকলি কৰিব। ৰাজস্থানৰ ৰাজ্যপাল হৰিভাউ কিষণৰাও বাগড়ে আৰু মুখ্যমন্ত্ৰী ভজনলাল শর্মাও অনুষ্ঠানত উপস্থিত থাকিব। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ মধ্যপ্ৰদেশত চাফাই মিত্ৰ সন্মিলক সম্বোধন কৰিব আৰু ইন্দোৰ-উজ্জ্বয়িনী স...