October 7, 2024 9:05 PM
9
নতুন দিল্লীত কাইলৈ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে প্ৰদান কৰিব ৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ নতুন দিল্লীত ২০২২ বৰ্ষৰ বাবে ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰিব। এই উপলক্ষে বিশিষ্ট অভিনেতা মিথুন চক্ৰৱৰ্তীক ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ'ব। কানাড়া ছবি কান্তাৰাত কৰা অভিনয়ৰ বাবে ঋষভ চেট্টিক শ্ৰেষ্ঠ অভিনেতাৰ বঁটাৰে পুৰস্কৃত কৰা হ'ব। লগতে তামিল ছবি তিৰুচিত্রাম্বলমত কৰা অভিনয়ৰ বাবে নিত্যা মেনন আৰু গুজৰাটী ছবি কাটছ্ এক্সপ্ৰেছত কৰা অভিনয়ৰ বাবে মানসী পাৰেখক যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প...