July 7, 2024 8:15 PM

views 22

ওড়িশাৰ ভগৱান জগন্নাথ ৰথযাত্ৰা অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰী মতী দ্রৌপদী মুর্মুৰ অংশগ্ৰহণ

ওড়িশাৰ পুৰী চহৰত আজি বিয়লি ভগৱান জগন্নাথ, বলভদ্র, সুভদ্ৰা দেৱী আৰু ভগৱান সুদৰ্শনৰ বিশ্ববিখ্যাত ৰথযাত্ৰা আৰম্ভ হৈছে। তিনিখন ৰথেৰে হোৱা এই যাত্রা উপলক্ষে চৰহখনৰ গ্ৰেণ্ড ট্ৰাংক ৰোড সহস্ৰ ভক্তৰ সমাগমেৰে ভৰি পৰিছে। ৰাষ্ট্ৰপতি শ্ৰী মতী দ্রৌপদী মুর্মুৱে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আগমন ঘটা ভক্তসকল এই ৰথযাত্ৰাত ভাগ লোৱাৰ উপৰি স্বচক্ষে ভগৱানৰ দৰ্শন লাভ কৰাৰ বাবে সমৱেত হৈছে। উল্লেখযোগ্য যে পৱিত্ৰ এই ত্রিমূৰ্তিয়ে ভগৱান গুণ্ডীচা দেৱীৰ মন্দিৰলৈ কৰা যাত্রা উপলক্ষে আয়োজিত এই...

July 7, 2024 12:11 PM

views 16

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু চাৰিদিনীয়া ভ্ৰমণসূচীৰে ওড়িশাত উপস্থিত

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু চাৰিদিনীয়া ভ্ৰমণসূচীৰে কালি গৃহ ৰাজ্য ওড়িশাৰ ভূৱনেশ্বৰত উপস্থিত হয়। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি পবিত্ৰ তীৰ্থনগৰী পুৰীৰ প্ৰভু জগন্নাথ, প্ৰভু বলোভদ্ৰ, দেৱী শুভদ্ৰা আৰু প্ৰভু সুদৰ্শনৰ বিশ্বপ্ৰসিদ্ধ ৰথ যাত্রা প্রত্যক্ষ কৰিব। কালি ভুৱনেশ্বৰত উপস্থিত হোৱাৰ পাছত ওড়িশাৰ ৰাজ্যপাল ৰঘূবৰ দাস, মুখ্যমন্ত্রী মোহন চৰণ মাঝি আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমান  বন্দৰত শ্ৰীমতী মুৰ্মুক আদৰণি জনায়। শ্ৰীমতী মুৰ্মুৱে কালি সন্ধিয়া ভূৱনেশ্বৰত উৎকলমানী ...