April 8, 2025 9:27 PM

views 6

পৰ্তুগাল ভ্ৰমণৰ অন্তিম দিনা দেশখনৰ সদনৰ অধ্যক্ষ জোজে পেড্ৰ এগুয়াৰ ব্রাংকোৰ সৈতে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ বৈঠক

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে আজি তেওঁৰ পৰ্তুগাল ভ্ৰমণৰ দ্বিতীয় তথা অন্তিম দিনা দেশখনৰ সদনৰ অধ্যক্ষ জোজে পেড্ৰ এগুয়াৰ ব্রাংকোৰ সৈতে এখন প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়। পৰ্তুগালৰ সদন এচেম্বলিয়া দা ৰিপাব্লিকাত আজি শ্ৰীমতী মুর্মুক গার্ড অৱ অনাৰ প্ৰদান কৰা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে জানিবলৈ দিয়া অনুসৰি, প্ৰতিনিধি পৰ্যায়ৰ বৈঠকখনত দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ সম্পৰ্কক আগুৱাই নিয়াৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰে। শ্ৰীমতী মুৰ্মুৱে সাংসদসকলৰ সৈতে মত বিন...