August 20, 2024 12:04 PM August 20, 2024 12:04 PM
5
দেশৰ ভিন্ন প্ৰান্তৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ৰাখী বন্ধন উদযাপন
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি ৰাষ্ট্ৰপতি ভৱনত দেশৰ বিভিন্ন প্ৰান্তৰ ভালেকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে ৰাখী বন্ধন উদযাপন কৰে। শিক্ষা মন্ত্ৰ্যালয়ে এটা বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰা অনুসৰি দেশৰ ১৬ খন ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিভিন্ন বিদ্যালয়ৰ ১৮০ গৰাকীতকৈও অধিক শিক্ষার্থীয়ে ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকলক অমৃত উদ্যানো পৰিদৰ্শন কৰোৱা হয় বুলি বিবৃতিটোত প্ৰকাশ কৰা হৈছে। ৰাখী বন্ধন উদযাপনত অংশগ্ৰহণ কৰি অনুষ্ঠানটো বিশেষ কৰি তোলাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক আশী...