August 10, 2024 5:59 PM

views 13

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক টিমোৰ লেষ্টেৰ সৰ্বোচ্চ অসামৰিক সন্মান গ্রাণ্ড কলাৰ অব অৰ্ডাৰ প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক আজি টিমোৰ লেষ্টেৰ সৰ্বোচ্চ অসামৰিক সন্মান গ্রাণ্ড কলাৰ অব অৰ্ডাৰ প্ৰদান কৰা হয়। বৰ্তমান টিমোৰ লেষ্টে ভ্ৰমণলৈ যোৱা ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীক দেশখনৰ ৰাজধানী ডিলিত সেই দেশৰ ৰাষ্ট্ৰপতি জোছ ৰামোছ হোতাই এই সন্মান প্ৰদান কৰে।ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মু টিমোৰ লেষ্টেৰ ৰাষ্ট্ৰপতি হোতা আৰু প্রধানমন্ত্ৰী গুছমাওৰ সৈতে দ্বিপাক্ষিক বৈঠকতো মিলিত হয়। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি দ্বিপাক্ষিক বৈঠকৰ পাছত দেশখনৰ ৰাষ্ট্ৰপতিৰ সৈতে এখন যুটীয়া সংবাদ মেলত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী ম...