December 1, 2025 9:37 PM

views 21

ভাৰত বিশ্ব মঞ্চত কেৱল অর্থনৈতিক স্বাধীনতাৰ বাবেই নহয়, অর্থনৈতিক ভূমিকা সম্প্ৰসাৰণৰ লক্ষ্যৰ দিশতো আগবাঢ়ি আছেঃ ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি কয় যে বিশ্ব মঞ্চত ভাৰত কেৱল অর্থনৈতিক স্বাধীনতাৰ বাবেই নহয়, অর্থনৈতিক ভূমিকা সম্প্ৰসাৰণৰ লক্ষ্যৰ দিশতো আগবাঢ়ি আছে। নতুন দিল্লীত ফুটৱেৰ ডিজাইন এণ্ড ডেভেলপমেণ্ট ইনষ্টিটিউট -এফ ডি ডি আইৰ সমাৱৰ্তন অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে কয়। শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে যে ২০২৪-২৫ বিত্তীয় বৰ্ষত দুহেজাৰ ৫০০ মিলিয়ন ডলাৰতকৈ অধিক মূল্যৰ ৰপ্তানিৰে অৰ্থনীতি বৃদ্ধিৰ ক্ষেত্ৰত জোতা উদ্যোগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলক ...

August 21, 2025 5:33 PM

views 25

৩ দিনীয়া ভ্রমণসূচীৰে দেওবাৰে ভাৰতলৈ আহিব ফিজিৰ প্ৰধানমন্ত্রী ছিটিভেনি লিগামামাদা ৰাবুকা

ফিজিৰ প্ৰধানমন্ত্রী ছিটিভেনি লিগামামাদা ৰাবুকা অহা দেওবাৰে তিনিদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে এই ভ্ৰমণকালত শ্ৰী ৰাবুকাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হ'ব। শ্রী মোদীয়ে অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মানার্থে মধ্যাহ্ন ভোজমেলৰ আয়োজন কৰিব। শ্ৰী ৰাবুকাই নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুকো সাক্ষাৎ কৰিব। তেওঁ নতুন দিল্লীৰ ভাৰতীয় বিশ্ব পৰিক্ৰমা পৰিষদত শান্তিৰ মহাসাগৰ সন্দৰ্ভত ভাষণ দিব। এই ভ্ৰমণকালত ভিজিৰ প্ৰধানমন...

April 11, 2025 6:16 PM

views 29

ৰাষ্ট্ৰপতি মুৰ্মুৰ শ্লভাকিয়া ভ্ৰমণকালত ভাৰত আৰু শ্ল’ভাকিয়াৰ মাজত দুখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে তেওঁৰ শ্লভাকিয়া ভ্ৰমণ সফলভাৱে সমাপ্ত কৰিছে। ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণ বিভিন্ন দিশত ঐতিহাসিক আছিল বুলি বিদেশ মন্ত্ৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে। শ্ৰীমতী মুৰ্মুৱে শ্লোভাক গণৰাজ্যৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিণী আৰু প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়। এই ভ্ৰমণকালত ভাৰত আৰু শ্ল’ভাকিয়াৰ মাজত দুখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয়৷ শ্লভাকিয়াৰৰ কনষ্টেনটাইন দ্যা ফিল’চফাৰ বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুর্ক সন্মানীয় ডক্টৰ...

December 13, 2024 5:15 PM

views 28

২০০১ চনত সংসদ ভৱনত সন্ত্ৰাসবাদীৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ প্ৰাণাহুতি দিয়া বীৰ জোৱানসকলৰ স্মৃতিত ৰাষ্ট্ৰপতি মুৰ্মুৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০০১ চনত সংসদ ভৱনত সন্ত্ৰাসবাদীৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ গৈ প্ৰাণাহুতি দিয়া বীৰ জোৱানসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমতী মুমুৱে সুৰক্ষা কৰ্মীসকলৰ সাহস আৰু নিস্বাৰ্থ সেৱাৰ কথা স্মৰণ কৰি কয়, যে তেওঁলোকে দেশবাসীক নিৰন্তৰভাৱে অনুপ্ৰাণিত কৰি আহিছে। ৰাষ্ট্ৰপতিয়ে লগতে এই ত্যাগৰ বাবে তেওঁলোকৰ ওচৰত দেশ সদায় কৃতজ্ঞ হৈ থাকিব বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই সাহসী জোৱানসকলৰ ত্যা...

December 7, 2024 8:33 PM

views 24

উত্তৰ ওড়িশাৰ ময়ূৰভঞ্জ আৰু কেন্দুঝাৰ জিলাক সংযোজিত কৰিবলগীয়া ৬,২৯৪ কোটি টকা ব্যায় সাপেক্ষ ৩টা ৰে’লৱে প্ৰকল্পৰ আধাৰশিলা ৰাষ্ট্ৰপতি মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি উত্তৰ ওড়িশাৰ ময়ূৰভঞ্জ আৰু কেন্দুঝাৰ জিলাক সংযোজিত কৰিবলগীয়া ৬,২৯৪ কোটি টকা ব্যায় সাপেক্ষ ৩টা ৰে'লৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেওঁ লগতে গৃহ জিলা ময়ূৰভঞ্জত জনজাতি গৱেষণা আৰু উন্নয়ন কেন্দ্ৰ, ৫২ কোটি ৪০ লাখ টকা ব্যয় সাপেক্ষ ১০০ খন বিচনাযুক্ত চিকিৎসালয় আৰু আন আন বিভিন্ন উন্নয়নমূলক প্রকল্পৰো আধাৰশিলা স্থাপন কৰে। এই নতুন ৰে'লৱে লাইনকেইটাই বাংৰিপোচিৰ পৰা গৰুমাহিচানীক, বাদাম পাহাৰৰ পৰা কেন্দুঝাৰগড়ক আৰু বুদামাৰাৰ পৰা ছাকুলিয়াক সংযোজিত কৰিব। এই ৰে'লপথ...

November 20, 2024 9:06 PM

views 25

কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে তেলেংগানালৈ ৰাষ্ট্ৰপতি মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে তেলেংগানালৈ যাব। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ হায়দাবাদত কোটি দীপোৎসৱম-২০২৪ অনুষ্ঠানত অংশ ল'ব। পৰহিলৈ ৰাষ্ট্ৰপতি মুৰ্মুৱে হায়দাবাদত আয়োজিত লোক মন্থন-২০২৪ অনুষ্ঠানত উদ্বোধনী ভাষণ প্ৰদান কৰিব।

November 15, 2024 11:41 AM

views 17

গুৰু নানক জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ দেশবাসীলৈ শুভেচ্ছা

দেশত আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ উদ্দীপনাৰে গুৰু নানক জয়ন্তী বা গুৰুপৰব পালন কৰা হৈছে। গুৰু নানক জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে এটা বার্তা যোগে দেশ-বিদেশত বাস কৰা সকলো ভাৰতীয়, বিশেষকৈ শিখ সম্প্ৰদায়ৰ লোকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ বাৰ্তাত কয়, যে গুৰু নানকে প্রেম, ভালপোৱা, ভাতৃত্ববোধ, সত্য আৰু ত্যাগৰ দৰে প্ৰমূল্যৰাজিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু তেওঁৰ শিকনিৰাজিয়ে জনসাধাৰণক ...

November 12, 2024 8:01 AM

views 30

৩ দিনীয়া ভ্রমণসূচীৰে ৰাষ্ট্ৰপতি মুৰ্মু দাদ্ৰা আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউলৈ ৰাওনা হ’ব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি তিনি দিনীয়া ভ্রমণসূচীৰে কেন্দ্ৰীয় শাসিত অঞ্চল দাদ্ৰা আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউলৈ ৰাওনা হ'ব। ভ্ৰমণৰ প্ৰথম দিনা আজি ৰাষ্ট্ৰপতিগৰাকীয়ে দমনৰ চৰকাৰী অভিযান্ত্রিক মহাবিদ্যালয় তথা ৰাষ্ট্ৰীয় ফেশ্বন প্রযুক্তি প্রতিষ্ঠানকে ধৰি বিভিন্ন অনুষ্ঠান পৰিদৰ্শন কৰিব। ৰাষ্ট্ৰপতিগৰাকী কাইলৈ ছিলভাছাত থকা নমো চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানলৈ যাব। ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমতী মুৰ্মুৱে বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীবৰ্গৰ সৈতে বাৰ্তালাপত ...

November 5, 2024 1:57 PM

views 27

ভাৰত ধৰ্ম্মৰ পৱিত্ৰ ভূমি আৰু প্ৰত্যেক যুগতে এই পৱিত্ৰ ভূমিত মহান গুৰু আৰু সাধকৰ জন্ম হৈছেঃ ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে ভাৰত ধৰ্ম্মৰ পৱিত্ৰ ভূমি আৰু প্ৰত্যেক যুগতে এই পৱিত্ৰ ভূমিত মহান গুৰু আৰু সাধকৰ জন্ম হৈছে। নতুন দিল্লীত আজি প্ৰথম এছিয় বৌদ্ধ শীৰ্ষ সন্মিলত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে এই পথ প্ৰদৰ্শকসকলৰ মাজত ভগৱান বুদ্ধৰ অন্যন্য স্থান আছে। তেওঁ কয় যে বুদ্ধ গয়াৰ বোধিবৃক্ষৰ তলত সিদ্ধার্থ গৌতমে জ্ঞান লাভ কৰাটো ইতিহাসৰ অভূতপূৰ্ব ঘটনাৰূপে বিবেচিত হৈ আহিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বিশ্ব সম্প্ৰতি বিভিন্ন ক্ষেত্ৰত অস্তিত্বৰ সংকটত ভোগাৰ এই সময়...

October 26, 2024 1:25 PM

views 24

প্রখ্যাত পদার্থবিজ্ঞানী ৰোহিনী গোড়বোলেৰ মৃত্যুত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শোক প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রখ্যাত পদার্থবিজ্ঞানী ৰোহিনী গোড়বোলেৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। শ্রীমোদীয়ে প্রয়াত বিজ্ঞানীগৰাকীক এগৰাকী অগ্ৰণী বিজ্ঞানী আৰু উদ্ভাৱক হিচাপে প্ৰশংসা কৰি কয় যে তেওঁ বিজ্ঞানৰ জগতত মহিলাৰ অংশগ্ৰহণৰ সমৰ্থক আছিল। প্রয়াত বিজ্ঞানীগৰাকীৰ শৈক্ষিক প্ৰচেষ্টাই পৰৱৰ্তী প্ৰজন্মসমূহক পথ প্ৰদৰ্শন কৰি যাব বুলি তেওঁ উল্লেখ কৰে।