October 18, 2024 8:52 PM

views 24

মলাৱিৰ ৰাষ্ট্ৰপতি লজাৰছ চাকৱেৰাৰ সৈতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ দ্বিপাক্ষিক আলোচনা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি মলাৱিৰ ৰাষ্ট্ৰপতি লজাৰছ চাকৱেৰাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাতো ভাগ লয়। এই উপলক্ষে কলা আৰু সংস্কৃতি, ক্রীড়া, যুৱ পৰিক্ৰমা আৰু ভেষজ খণ্ডৰ চাৰিখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। ভাৰতে লগতে মলাৱিলৈ ১০০০ মেট্রিক টন চাউল যোগান ধৰাৰ কথা ঘোষণা কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে মলাৱিৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকো পৰিদৰ্শন কৰে।