August 21, 2024 9:04 PM

views 14

গুণগত শিক্ষা, গৱেষণা আৰু উদ্ভাৱনৰ আৱশ্যকতাত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ গুৰুত্ব আৰোপ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে গুণগত শিক্ষা, গৱেষণা আৰু উদ্ভাৱনৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে। হাৰিয়ানাৰ ফৰিদাবাদৰ জে চি বসু বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ পঞ্চম সমাৱৰ্তন সমাৰোহত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেঁও কয় যে নতুন শিক্ষানীতিৰ অধীনত এই বিষয়সমূহ সামৰি লোৱা হৈছে।