October 26, 2025 8:34 PM

views 16

ষট পূজা উপলক্ষে দেশবাসীক ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৰ ওলগ

দেশৰ বিভিন্ন অংশত কালিৰে পৰা চাৰিদিনীয়াকৈ ষট মহাপর্ব অনুষ্ঠিত হৈছে। কালি "নহাই-খাই" অনুষ্ঠানেৰে এই উৎসৱৰ আৰম্ভণি হয়। আজি দ্বিতীয় দিনা খৰনা পূজা সম্পন্ন কৰা হ'ব। প্ৰকৃতিৰ পূজা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতীক সূৰ্য দেৱতাৰ নামত এই উৎসৱ উচৰ্গা কৰা হয়। ভক্তসকলে আজি সূর্যাস্তৰ পাছত খৰনা প্ৰসাদ গ্রহণ কৰি পানী নোহোৱাকৈ ৩৬ ঘণ্টীয়া উপবাস আৰম্ভ কৰিছে। কাইলৈ নদী বা জলভাগত অৱস্থিত ষট ঘাটত অস্তগামী সূর্যক অর্ঘ্য প্ৰদান কৰা হ'ব। পৰহিলৈ ভক্তসকলে উদিত সূর্যক অর্ঘ্য আগবঢ়াব আৰু চাৰিদিনীয়া ছঠ উৎসৱৰ সামৰণি পৰিব। ঘ...