September 26, 2024 9:25 PM

views 12

লাডাখৰ ছিয়াচেন বেছ কেম্পৰ হিমবাহত কৰ্তব্যৰত বিষয়া-সেনা জোৱানৰে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ মতবিনিময়

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি লাডাখৰ ছিয়াচেন বেছ কেম্প পৰিদৰ্শন কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে ছিয়াচেন হিমবাহত কর্তব্যত নিয়োজিত বিষয়া আৰু সেনাবাহিনীৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে প্ৰতিকূল পৰিৱেশৰ মাজতো প্ৰত্যাহ্বানসমূহ নেওচি দেশৰ সুৰক্ষাৰ বাবে সেনাবাহিনীৰ জোৱানসকলে সাহসেৰে সেৱা আগবঢ়োৱা কাৰ্যক প্ৰশংসা কৰে। তেওঁ লগতে ছিয়াচেন হিমবাহত কর্তব্যত নিয়োজিত সেনাবাহিনীৰ লোকসকলৰ পৰিয়াল আৰু আত্মীয়সকললৈ কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰীমতী মুৰ্মুৱে লগতে ছিয়াচেন বেছ যুদ্ধ স্ম...