October 17, 2024 8:26 PM

views 40

ভাৰত আৰু মলাৱিৰ মাজত সৌহার্দ্য আৰু বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পর্ক আছে: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কৈছে যে, ভাৰত আৰু মলাৱিৰ মাজত সৌহার্দ্য আৰু বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পর্ক আছে। লিলোংগতে ভাৰত মলাৱি ব্যৱসায় সন্মিলনত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰতে ১৯৬৪ চনত মলাৱিৰ স্বাধীনতা লাভৰ ঠিক পাছত দেশখনৰ সৈতে কূটনৈতিক সম্পৰ্ক স্থাপন কৰা প্ৰথম ৰাষ্ট্ৰ আছিল। তেওঁ লগতে দেশ দুখনৰ মাজৰ বাণিজ্যিক সম্পর্ক ঐতিহাসিক বুলি অভিহিত কৰে। ভাৰত সম্প্ৰতি মলাৱিৰ চতুর্থ সর্ববৃহৎ ব্যৱসায়িক সহযোগী আৰু দেশখনৰ বাবে সৰ্ববৃহৎ বিনিয়োগকাৰীসকলৰ অন্য...

August 11, 2024 8:23 PM

views 23

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু ফিজি, নিউজিলেণ্ড আৰু টিমোৰ লেষ্টেৰ ত্ৰিদেশীয় ভ্রমণ সামৰি নতুন দিল্লীত উপস্থিত

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ফিজি, নিউজিলেণ্ড আৰু টিমোৰ লেষ্ট ভ্ৰমণৰ অন্তত আজি বিয়লি নতুন দিল্লীত উপস্থিত হৈছে। এই ভ্ৰমণৰ সময়ছোৱাত দ্বিপাক্ষিক সম্পর্ক সবল কৰাৰ উপৰি বিভিন্ন গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত বুজাবুজিৰ চুক্তি আৰু দ্বিপাক্ষীক চুক্তি স্বাক্ষৰিত হয়। এই ভ্ৰমণৰ সময়ছোৱাত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে ৰাষ্ট্ৰপতিগৰাকীয়ে মত বিনিময় কৰে। ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ বাণিজ্যিক সুচলতা বৃদ্ধি কৰাৰ উদ্দেশ্যে দেশ দুখনৰ মাজত দ্বিপাক্ষিক শুল্ক সহযোগিতা ব্যৱস্থাপনা চুক্তি স্বাক্ষৰিত হয়। নিউজিল...