October 17, 2024 10:44 AM

views 28

মৰিটানিয়াৰ ৰাষ্ট্ৰপতি মহম্মদ আউল্ড গজৌৱানীৰ সৈতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ দ্বিপাক্ষিক আলোচনা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি মৰিটানিয়াৰ ৰাষ্ট্ৰপতি মহম্মদ আউল্ড গজৌৱানীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ৰাষ্ট্ৰপতি মুৰ্মুৱে লগতে প্রতিনিধি পৰ্যায়ৰ আলোচনাতো ভাগ লয়। দুয়োখন দেশে দ্বিপাক্ষিক সম্পর্ক সুদৃঢ় কৰাৰ বাবে চাৰিখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মু ত্রিদেশীয় ভ্রমণসূচীৰ তৃতীয় পৰ্যায়ত আজি তিনিদিনীয়া ভ্রমণসূচীৰে মলাৱিত উপস্থিত হ'ব। ভ্ৰমণ কালত তেওঁ দেশখনৰ নেতৃবৰ্গৰ সৈতে কেইবাখনো দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব আৰু দেশখনত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলকো স...

October 16, 2024 8:42 PM

views 28

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু  ত্রিদেশীয় ভ্রমণসূচীৰ দ্বিতীয় পৰ্যায়ত ম’ৰিটানিয়াত উপস্থিত

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু  ত্রিদেশীয় ভ্রমণসূচীৰ দ্বিতীয় পৰ্যায়ত ম'ৰিটানিয়াত উপস্থিত হৈছে । ইয়াৰ পূৰ্বে আলজেৰিয়া ভ্ৰমণ সামৰি মৰিটনিয়ালৈ বুলি ৰাওনা হোৱাৰ পৰত দেশখনৰ প্ৰধানমন্ত্ৰী নাদিৰ লাবোয় আৰু অন্য উচ্চ বিষয়াসকলে ৰাষ্ট্ৰপতিগৰাকীক আনুষ্ঠানিকভাৱে বিদায় জনায়। শ্রীমতী মুর্মুৱে দিনজোৰা ম'ৰিটানিয়া ভ্ৰমণৰ সময়ত কেইবাটাও অনুষ্ঠানত অংশগ্রহণ কৰিব। এই ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে ম'ৰিটানিয়াৰ ৰাষ্ট্ৰপতি মহম্মদ আউল্ড গজৌৱানী আৰু অন্য নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত ভাগ ল'ব। তেওঁ লগতে দেশ...

October 16, 2024 11:10 AM

views 51

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু তিনিদিনীয়া আলজেৰিয়া ভ্রমণ সামৰি আজি ম’ৰিটানিয়ালৈ ৰাওনা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু তিনিদিনীয়া আলজেৰিয়া ভ্রমণ সামৰি ত্ৰিদেশীয় ভ্রমণসূচীৰ দ্বিতীয় পৰ্যায়ত আজি ম'ৰিটানিয়ালৈ ৰাওনা হ'ব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰীমতী মুৰ্মুৱে ভাৰত আৰু আলজেৰিয়াৰ মাজৰ সম্পর্ক সুদৃঢ় কৰাৰ উদ্দেশ্যে দেশখনৰ শীৰ্ষ নেতৃবৰ্গ আৰু প্ৰতিনিধিসকলৰ সৈতে কেইবাখনো দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা আমাৰ সংবাদদাতাই জনাইছে যে শ্রীমতী মুৰ্মুৱে দিনজোৰা ম'ৰিটানিয়া ভ্ৰমণৰ সময়ত কেইবাটাও অনুষ্ঠানত অংশ ল'ব। ভ্রমণ কালত তেওঁ ম'ৰিটানিয়াৰ ৰাষ্ট্ৰপতি...