October 20, 2025 7:47 PM

views 30

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু কাইলৈ পৰা চাৰিদিনীয়া কেৰালা ভ্রমণসূচী

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু কাইলৈ চাৰিদিনীয়া কেৰালা ভ্রমণসূচীৰ থিৰুবনন্তপুৰমত উপস্থিত হ'ব। ৰাষ্ট্ৰপতিগৰাকীয়ে অহা বুধবাৰে চবৰিমালা মন্দিৰ দৰ্শন কৰিব। শ্রীমতী মুর্মুৱে অহা বৃহস্পতিবাৰে থিৰুৱনন্তপুৰমৰ ৰাজভৱনত প্রাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনৰ প্ৰতিমূর্তি উন্মোচন কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে শ্রীনাৰায়ণা গুৰু সমাধিৰ শতবার্ষিকী উদযাপন অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। শ্রীমতী মুর্মুৱে এৰনাকুলামৰ ছেইন্ট তেৰাছাৰ মহাবিদ্যালয় আৰু পালাৰ ছেইন্ট থমাছ মহাবিদ্যালয়ৰ অনুষ্ঠানতো অংশগ্রহণ কৰিব।

October 20, 2025 11:08 AM

views 37

সুৰক্ষিত, দায়িত্বসহকাৰে আৰু পৰিৱেশ অনুকুল ব্যৱস্থাৰে দীপাৱলী উদযাপন কৰিবলৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ আহ্বান; উপ-ৰাষ্ট্ৰপতি, প্রধানমন্ত্ৰীৰ দেশবাসীক শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণানে দীপাৱলী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতি মুমুৱে কয়, যে দীপাৱলী হৈছে ভাৰতৰ আটাইতকৈ জনপ্ৰিয় উৎসৱ যাক বিপুল উৎসাহ-উদ্দীপনাৰে উদযাপন কৰা হয়। এই উৎসৱে অন্ধকাৰৰ ওপৰত পোহৰ, অজ্ঞানতাৰ ওপৰত জ্ঞান আৰু অশুভৰ ওপৰত শুভ কাৰ্যৰ জয়ক উদযাপন কৰে। শ্ৰীমতী মুৰ্মুৱে লগতে কয়, যে পোহৰৰ এই উৎসৱে আত্মপ্রতিফলন আৰু আত্মবিকাশৰ সুযোগ দিয়াৰ লগতে পাৰস্পৰিক স্নেহ আৰু ভাতৃত্ববোধৰ বাৰ্তা দিয়ে। ...

September 30, 2025 11:06 AM

views 43

দুৰ্গা পূজা উপলক্ষে ভাৰত আৰু বিদেশত বসবাস কৰা লোকসকললৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দুৰ্গা পূজা উপলক্ষে ভাৰত আৰু বিদেশত বসবাস কৰা লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বার্তাযোগে শ্রীমতী মুর্মুৱে কয়, যে দুর্গা পূজা সংস্কৃতি, বিকাশ আৰু আধ্যাত্মিকতাৰ প্ৰতীক। তেওঁ কয়, যে দুৰ্গাৰ ৯টা ৰূপে সত্য, ন্যায় আৰু মমতাৰে আগবাঢ়ি যাবলৈ আমাক সাহস দিয়ে। এই উৎসৱে সমতা, সহনশীলতা আৰু প্ৰেমৰ মনোভাৱক প্ৰসাৰিত কৰে। ৰাষ্ট্ৰপতিয়ে নাৰীৰ প্রতি সন্মান সুনিশ্চিত কৰাৰ লগতে তেওঁলোকৰ স্থান অক্ষুণ্ণ ৰখাৰ বাবে সকলো প্ৰয়াস কৰাৰ প্ৰতিশ্ৰুতি ল'বলৈ নাগৰিকসকলক আহ্বান জনায়। তে...

August 10, 2025 7:22 PM

views 26

ভূতপূৰ্ব ৰাষ্ট্ৰপতি ভি ভি গিৰিৰ জন্মবার্ষিকী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ শ্ৰদ্ধাঞ্জলি নিবেদন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ভি ভি গিৰিৰ জন্মবার্ষিকী উপলক্ষে নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। দেশৰ চতুৰ্থগৰাকী ৰাষ্ট্ৰপতি ভি ভি গিৰিৰ জয়ন্তী উপলক্ষে আজি ৰাষ্ট্ৰপতি ভৱনত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়।

April 13, 2025 8:05 PM

views 24

সংবিধান প্রণেতা ড০ ভীমৰাও ৰামজী আম্বেদকাৰৰ উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন

সংবিধান প্রণেতা ড০ ভীমৰাও ৰামজী আম্বেদকাৰৰ কাইলৈ জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে যথেষ্ট বিপর্যয়ৰ মাজতো বাবা চাহেব আম্বেদকাৰে এটা সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সমৰ্থ হোৱাৰ লগতে তেওঁৰ ব্যতিক্রমী সফলতাৰ বাবে বিশ্বজুৰি সন্মান লাভ কৰিছে। শ্রীমতী মুৰ্মুৱে কয় যে বাবা চাহেব আম্বেদকাৰ এগৰাকী বহুমুখী ব্যক্তিত্বসম্পন্ন লোক আছিল। তেওঁ একেৰাহে অর্থনীতিবিদ, শিক্ষাবিদ হোৱাৰ লগতে এগৰাকী মহান সমাজ সংস্কাৰক আছিল বুলিও শ্ৰীমতী...

February 26, 2025 8:36 PM

views 29

মহিলাসকলে স্বাৱলম্বী আৰু আত্মনিৰ্ভৰ হ’বলৈ চেষ্টা কৰিব লাগেঃ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কয়, যে মহিলাসকলে স্বাৱলম্বী আৰু আত্মনিৰ্ভৰ হ’বলৈ চেষ্টা কৰিব লাগে। তেওঁ কয়, যে মহিলাসকল সফল হ’লেহে আমাৰ সমাজ আৰু দেশ সফল হ'ব। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি মধ্য প্ৰদেশৰ চাটাৰপুৰ জিলাৰ বাগেশ্বৰ ধামত অনুষ্ঠিত ২৫১ গৰাকী ছোৱালীৰ সমূহীয়া বিবাহৰ কাৰ্যসূচীত ভাষণ দি এইদৰে কয়। ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মুৱে লগতে কয়, যে এখন উন্নত ভাৰত গঢ়াৰ চৰকাৰৰ সংকল্প দেশৰ সকলো শ্ৰেণীৰ লোকৰ সম উন্নয়নৰ দ্বাৰা হে সম্ভৱ হ'ব। ৰাষ্ট্ৰপতিগৰাকীয়ে নৱ বিবাহিত দম্পতীসকলক বস্ত্ৰও উপহাৰ স্বৰূপে আগব...

February 16, 2025 10:50 AM

views 27

উদ্ভাৱক আৰু উদ্যমীসকল পৰম্পৰাগত সম্প্ৰদায়মূহৰ জ্ঞানৰ ভেটিৰ প্ৰতি আওকান কৰা উচিত নহয় বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ প্ৰকাশ

উদ্ভাৱক আৰু উদ্যমীসকল পৰম্পৰাগত সম্প্ৰদায়মূহৰ জ্ঞানৰ ভেটিৰ প্ৰতি আওকান কৰা উচিত নহয় বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। তেওঁ লগতে পৰম্পৰাগত ক্ষুদ্ৰ সমাধান সূত্ৰৰ কথা পাহৰি নাযাবলৈ যুৱ প্ৰজন্মৰ প্ৰতি পৰামৰ্শ আগবঢ়াইছে। কালি বিয়লি ৰাঁচীৰ বিৰলা প্রযুক্তি প্রতিষ্ঠান মেছৰাৰ মহাৰজত জয়ন্তীত অংশগ্ৰহণ কৰি শ্ৰীমতী মুৰ্মুৱে উন্নত ভাৰত গঠন প্ৰক্ৰিয়াত যুৱ প্ৰজন্মৰ উৎসাহ, উদ্দীপনা আৰু নিষ্ঠাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি উল্লেখ কৰে। তেওঁ কয়, যে কেন্দ্ৰীয় চৰকাৰে কৃত্রিম বুদ্ধিমত...

February 9, 2025 8:04 PM

views 44

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে কাইলৈ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত অংশ লব

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে কাইলৈ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত অংশ লৈ গংগা-যমুনা আৰু সৰস্বতী নদীৰ সংগমস্থলী ত্রিবেণী সংগমত স্নান কৰিব। ইয়াৰ উপৰি তেওঁ প্ৰয়াগৰাজৰ অক্ষয়ত মন্দিৰ আৰু বড়ে হনুমান মন্দিৰ পৰিদৰ্শন কৰিব। ডিজিটেল মহাকুম্ভ কেন্দ্ৰৰ পৰা ৰাষ্ট্ৰপতিগৰাকীয়ে সমগ্র মহাকুম্ভৰ দৃশ্যও পৰিদৰ্শন কৰিব। এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও অংশগ্রহণ কৰিব।

October 17, 2024 5:48 PM

views 23

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু তিনিদিনীয়া ভ্রমণসূচীৰে মলাৱিত উপস্থিত

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু ত্রিদেশীয় ভ্রমণসূচীৰ তৃতীয় তথা অন্তিম পৰ্যায়ত আজি তিনিদিনীয়া ভ্রমণসূচীৰে মলাৱিত উপস্থিত হৈছে। দেশখন ভ্ৰমণলৈ যোৱা ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মুক আড়ম্বৰপূৰ্ণভাৱে আদৰণি জনোৱা হয়। এই ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকী মলাৱিৰ নেতৃবৰ্গৰ সৈতে কেইবাখনো দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব আৰু দেশখনত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলকো সাক্ষাৎ কৰিব। আফ্ৰিকাৰ বিভিন্ন দেশৰ সৈতে ভাৰতৰ সম্পৰ্কৰ সম্প্ৰসাৰণ আৰু সুদৃঢ়কৰণেই হ'ল তেওঁৰ এই যাত্ৰাৰ মূল উদ্দেশ্য। ইয়াৰ পূৰ্বে নিজৰ ভ্ৰমণৰ ...