October 20, 2024 11:19 AM

views 24

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আলজেৰিয়া, ম’ৰিটেনিয়া আৰু মলাৱিৰ ত্ৰিদেশীয় ভ্ৰমণ সামৰি নতুন দিল্লীত উপস্থিত

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আলজেৰিয়া, ম'ৰিটেনিয়া আৰু মলাৱিৰ ত্ৰিদেশীয় ভ্ৰমণ সামৰি নতুন দিল্লীত উপস্থিত হৈছে। ৰাষ্ট্ৰপতিৰ এই ভ্রমণে আলজেৰিয়া, ম'ৰিটেনিয়া আৰু মলাৱিৰ সৈতে ভাৰতৰ ঐতিহাসিক সম্পৰ্কত এটা নতুন অধ্যায়ৰ সূচনা কৰিলে। ৰাষ্ট্ৰপতি মুৰ্মুৱে এই সপ্তাহজোৰা ভ্ৰমণকালত ৰাষ্ট্ৰ তিনিখনৰ নেতৃবৰ্গৰ সৈতে কেইবাখনো দ্বিপাক্ষিক বৈঠকত মিলিত হয় আৰু দেশকেইখনত বাস কৰা প্ৰবাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰে। ৰাষ্ট্ৰপতিৰ এই ভ্রমণে আফ্ৰিকাৰ দেশসমূহৰ সৈতে থকা সোহার্দ্যপূৰ্ণ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ প্...