July 9, 2024 7:12 PM July 9, 2024 7:12 PM
4
সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত সৈনিকৰ প্ৰতি গভীৰ শোক প্ৰকাশ ৰাষ্ট্ৰপতি, প্ৰতিৰক্ষা মন্ত্ৰীৰ
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জম্মু-কাশ্মীৰৰ কঠুৱা জিলাত সেনা বাহিনীৰ ওপৰত সংঘটিত আক্ৰমণত ৫ গৰাকী সৈনিকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে সেনা বাহিনীৰ কনভয়ৰ ওপৰত সংঘটিত এই কাপুৰুষালিভৰা কাৰ্যক সকলোৱে গৰিহণা দিয়া উচিত আৰু এনে ঘটনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ৰাষ্ট্ৰপতিগৰাকীয়ে সকলোধৰণৰ সন্ত্ৰাবাদৰ বিৰুদ্ধে অব্যাহত থকা যুঁজত প্ৰাণ হেৰুওৱা বীৰ সৈনিকসকলৰ পৰিয়ালবৰ্গলৈ সামাজিক মাধ্যমযোগে সমবেদনা প্রকাশ কৰে। তেওঁ লগতে কঠুৱা...