August 3, 2024 2:10 PM

views 29

ৰাষ্ট্ৰপতি মুৰ্মুৱে অহা ৫ আগষ্টৰ পৰা ১০ আগষ্টলৈ ফিজি, নিউজিলেণ্ড আৰু টিম’ৰলেষ্ট ভ্ৰমণ কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অহা ৫ আগষ্টৰ পৰা ১০ আগষ্টলৈ ফিজি, নিউজিলেণ্ড আৰু টিম’ৰলেষ্ট ভ্ৰমণ কৰিব। নতুন দিল্লীত কালি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত প্ৰাচ্যৰ সচিব জয়দীপ মজুমদাৰে কয় যে এয়া হ’ব ভাৰতৰ ৰাষ্ট্ৰপতিৰ প্ৰথম ফিজি তথা টিম’ৰলেষ্টে ভ্রমণ। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্ট ইষ্ট নীতি ঘোষণা কৰাৰ পাছৰে পৰা ভাৰতে দক্ষিণ-পূব এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলে বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে। তেওঁ লগতে এই তিনিওখন দেশক এক্ট ইষ্ট নীতিৰ আওতাত পৰে বুলি সদৰি কৰে। ৰাষ্...

August 2, 2024 5:03 PM

views 21

ৰাষ্ট্ৰপতি মুৰ্মুৰ অধ্যক্ষতাত ৰাষ্ট্ৰপতি ভৱনত দুদিনীয়াকৈ ৰাজ্যপালসকলৰ সন্মিলন অনুষ্ঠিত হৈছে

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ অধ্যক্ষতাত ৰাষ্ট্ৰপতি ভৱনত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যপালসকলৰ এখন সন্মিলন অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে এইখন হ'ল ৰাষ্ট্ৰপতিৰ অধ্যক্ষতাত হ’বলগীয়া ৰাজ্যপালসকলৰ প্ৰথমখন সন্মিলন। দেশৰ প্ৰতিখন ৰাজ্যৰ ৰাজ্যপালসকলে অংশগ্ৰহণ কৰিবলগীয়া এই সন্মিলনত উপৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে অমিত শ্বাহ, ধর্মেন্দ্ৰ প্ৰধান, শিৱৰাজ সিং চৌহান, অশ্বিনী বৈষ্ণৱ আৰু ড০ মনসুখ মন্দাভিয়াকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে ভাগ ল’ব। নীতি আয়োগৰ উপাধক...

July 18, 2024 5:11 PM

views 23

ৰাষ্ট্ৰপতি মুৰ্মুৰ কাৰ্য্যকালৰ প্ৰথম বছৰৰ ৭৫ টা গুৰুত্বপূৰ্ণ ভাষণৰ সংকলন উইংছ টু আৱাৰ হোপ্‌ছ গ্ৰন্থৰ প্ৰথমটো খণ্ড উন্মোচন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ কাৰ্য্যকালৰ প্ৰথম বছৰৰ ৭৫ টা গুৰুত্বপূৰ্ণ ভাষণৰ সংকলন উইংছ টু আৱাৰ হোপ্‌ছ গ্ৰন্থৰ প্ৰথমটো খণ্ড আজি নতুন দিল্লীত উন্মোচন কৰা হ'ব। কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ উপস্থিতিত এই ই-বুকখন মুকলি কৰিব। কেন্দ্ৰীয় প্রকাশন বিভাগে এই গ্রন্থখন প্ৰকাশ কৰিছে। গ্ৰন্থখন হিন্দী আৰু ইংৰাজী ভাষাত মুকলি কৰা হ'ব।

July 11, 2024 2:45 PM

views 21

‘হাৰ ষ্টৰী – মাই ষ্টৰী’ শীৰ্ষক এলানি অনুষ্ঠানত ৰাষ্ট্ৰপতি মুৰ্মুৱে ভাষণ দিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনৰ বেডমিণ্টন ক'ৰ্টত প্ৰসিদ্ধ খেলুৱৈ ছাইনা নেহৱালৰ সৈতে বেডমিণ্টন খেলাৰ কথাই তেওঁৰ ক্ৰীড়াৰ প্ৰতি থকা স্বাভাৱিক আকৰ্ষণৰ কথা প্ৰতিফলিত কৰে। বেডমিণ্টনৰ কেন্দ্ৰ হিচাপে ভাৰতৰ উত্থান বিশেষকৈ মহিলা খেলুৱৈসকলে বিশ্বৰ পৰ্যায়ত এটা বিশেষ আধিপত্য বিস্তাৰ কৰাৰ সময়ত ৰাষ্ট্ৰপতিগৰাকীৰ এই পদক্ষেপে সকলোকে অনুপ্রাণিত কৰিছে। ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত আজি বেডমিণ্টন তাৰকা ছাইনা নেহৱালে মহিলা পদ্ম বঁটা প্ৰাপকসকলক প্রতিফলিত কৰি আয়োজন কৰা ‘হাৰ ষ্টৰী – মাই ষ্ট...

June 15, 2024 1:44 PM

views 20

ৰাষ্ট্ৰপতি ভৱনত ওড়িশাৰ কৃষিভিত্তিক উৎসৱ ৰাজা পৰ্বত ৰাষ্ট্ৰপতি মুৰ্মুৰ অংশগ্ৰহণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুয়ে পৰহি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ওড়িশাৰ কৃষিভিত্তিক উৎসৱ ৰাজা পৰ্বত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজা গীত, ময়ুৰভঞ্জ ছাউ নৃত্য, সম্বলপুৰী নৃত্য, কৰ্মা নৃত্য আদি সাংস্কৃতিক অনুষ্ঠানৰ সাক্ষী হয়। ৰাষ্ট্ৰপতি ভৱনত প্ৰথমবাৰৰ বাবে ৰাজা পৰ্ব উদযাপন কৰা হয়। এই উদযাপনে ওডিয়া সংস্কৃতি আৰু জীৱনশৈলীৰ এক অনন্য আভাস প্ৰদান কৰে। প্ৰতিবছৰে বাৰিষাৰ আৰম্ভণিৰ সময়তে তিনিদিনীয়াকৈ এই কৃষিভিত্তিক উৎসৱ পালন কৰা হয়।

April 16, 2024 7:35 PM

views 38

ভাৰতীয় অর্থনৈতিক সেৱাৰ প্ৰশিক্ষণৰত বিষয়াক ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ সম্বোধন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে তথ্যৰ বিশ্লেষণ আৰু সাক্ষ্য আধাৰিত উন্নয়ন কাৰ্যসূচীৰ ৰূপায়ণে চৰকাৰক জনসাধাৰণৰ অৰ্থনৈতিক উন্নয়নৰ গতি ত্বৰান্বিত কৰাত সহায় কৰিছে। তেওঁ কয় যে নতুন অৱধাৰণা, পদ্ধতি আৰু প্ৰযুক্তিৰ মাধ্যমেৰে কৰ্ম দক্ষতা বৃদ্ধি কৰাটো ভাৰতীয় অর্থনৈতিক সেৱাৰ যুৱ বিষয়াসকলৰ দায়িত্ব। ৰাষ্ট্ৰপতি ভৱনত আজি ভাৰতীয় অর্থনৈতিক সেৱাৰ প্ৰশিক্ষণৰত বিষয়াৰ এটা গোটক সম্বোধন কৰি শ্ৰী মতী মুমুৱে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে অর্থনৈতিক বিকাশ দেশৰ উন্নয়নৰ গুৰুত্বপূৰ্ণ উপাদান। ৰাষ্ট্ৰপতিগ...