February 22, 2025 9:30 PM

views 7

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতিৰ বুজ ল’বলৈ কৃষিমন্ত্রী অতুল বৰা বৈঠক

দেশী-বিদেশী বিনিয়োগকাৰীৰ অংশগ্রহণেৰে হ'বলগীয়া এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ অন্তিম পৰ্যায়ৰ প্ৰস্তুতিৰ বুজ ল'বলৈ আজি কৃষিমন্ত্রী অতুল বৰাই জনতা ভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই সন্মিলনত ৰাজ্যৰ কৃষিবিভাগৰ উদ্যোগত চাহ, বাঁহ উদ্যোগ, অগৰ প্ৰসংস্কৰণ আৰু মূল্য সংযোজনকে ধৰি কেইবাটাও বিষয়ত অনুষ্ঠানৰ আয়োজন কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে আজি এই অনুষ্ঠানসমূহৰ দায়িত্বত থকা কৃষি বিভাগৰ শীর্ষ বিষয়াসকলৰ সৈতে অনুষ্ঠানৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে।