July 31, 2024 5:58 PM

views 15

কেন্দ্রীয় লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে ভাৰতীয় প্ৰশাসনিক বিষয়া প্রীতি ছুডানক নিযুক্তি

কেন্দ্রীয় লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে প্রাক্তন কেন্দ্রীয় স্বাস্থ্য সচিব তথা ১৯৮৩ বেটছৰ ভাৰতীয় প্ৰশাসনিক বিষয়া প্রীতি ছুডানক নিযুক্তি দিয়া হৈছে। ১ আগষ্টৰ পৰা দায়িত্ব গ্ৰহণ কৰিবলগীয়া শ্ৰী ছুডানৰ নিযুক্তিত ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে অনুমোদন জনাইছে। উল্লেখযোগ্য যে চলিত মাহৰ আৰম্ভণিতে কার্যকাল শেষ হোৱাৰ পূৰ্বে পদত্যাগ কৰা ডা০ মনোজ ছনীৰ স্থানত শ্ৰী ছুডানে দায়িত্বভাৰ গ্ৰহণ কৰিব।