September 2, 2024 8:37 AM September 2, 2024 8:37 AM

views 15

পেৰিছ পেৰালিম্পিকত ভাৰতীয় পেৰা এথলীট প্রীতি পালৰ মহিলাৰ ২০০ মিটাৰ T-35ৰ ফাইনেলত ব্ৰঞ্জৰ পদক অৰ্জন

■ পেৰিছ পেৰালিম্পিক ২০২৪ত ভাৰতীয় পেৰা এথলীট প্রীতি পালে মহিলাৰ ২০০ মিটাৰ T-35ৰ ফাইনেলত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। এই জয়েৰে প্ৰীতিয়ে পেৰালিম্পিকছৰ ট্ৰেক এণ্ড ফীল্ডত দুটাকৈ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা পেৰা এথলীট হিচাপে অভিলেখ ৰছনা কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পেৰিছ পেৰালিম্পিকছত দ্বিতীয়টো পদক অৰ্জন কৰাৰ বাবে খেলুৱৈগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমতী মুর্মুৱে কয় যে, প্রীতিক লৈ সমগ্ৰ ভাৰত গৌৰাৱান্বিত ত্ৰিৰংগা পতাকা লৈ খেলুৱৈগৰাকীৰ বিজয়ৰ ছবিসমূহ...