August 25, 2024 6:55 PM

views 23

হোজাইত খণ্ড উন্নয়ন বিষয়াসকলৰ সৈতে  মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ  পর্যালোচনা বৈঠক

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিত কুমাৰ দাসে আজি হোজাইৰ আৱৰ্ত ভৱনত খণ্ড উন্নয়ন বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত প্রধানমন্ত্ৰী আৱাস যোজনা গ্রামীন আৰু পঞ্চদশ বিত্তীয় আয়োগৰ মুখ্য দিশসমূহৰ বিষয়ে আলোচনা কৰা হয়। বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিব, হোজাইৰ আয়ুক্তকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।