February 15, 2025 6:29 PM

views 19

প্ৰয়াগৰাজত হোৱা পথ দুৰ্ঘটনাত কমেও ১০ গৰাকী লোকৰ মৃত্যু, ১৯ গৰাকী আহত

কালি নিশা প্ৰয়াগৰাজ জিলাৰ মেজা ৰ'ড ক্ৰছিঙৰ সমীপত এখন যাত্ৰী কঢ়িওৱা এছ ইউ ভি বাহন আৰু দ্ৰুতবেগী বাছ এখনৰ মাজত হোৱা সংঘৰ্ষৰ ফলত কমেও ১০ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন ১৯ গৰাকী লোক আহত হয়। প্ৰয়াগৰাজৰ আৰক্ষী আয়ুক্ত তৰুণ গাবাই জনোৱা মতে এছ ইউ ভি বাহনখনত ছত্তিশগড়ৰ কাৰ পৰা প্ৰয়াগৰাজ অভিমুখে এদল লোকে যাত্ৰা কৰাৰ সময়তে প্রয়াগৰাজৰ পৰা বাৰাণসীলৈ যাত্ৰী কঢ়িয়াই নিয়া বাছখনৰ মুখামুখি সংঘর্ষ লাগে। ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰে। সামাজিক মাধ্য...