December 27, 2024 6:12 PM

views 14

সংস্কৃতিৰ একনিষ্ঠ সাধক দুৰ্গেশ্বৰ সোণোৱাললৈ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰদান

গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মৃতিত সদৌ অসম ছাত্ৰ সন্থাই প্ৰৱৰ্তন কৰা প্ৰতিমা বৰুৱা পাণ্ডে বঁটা আজি লোক সংস্কৃতিৰ একনিষ্ঠ সাধক দুৰ্গেশ্বৰ সোণোৱালক প্ৰদান কৰা হয়। আজি গুৱাহাটীৰ চানমাৰিৰ প্ৰতিমা বৰুৱা পাণ্ডে উদ্যানত আয়োজিত এটা গাম্ভীর্যপূর্ণ অনুষ্ঠানত ছাত্ৰসন্থাৰ মুখ্য উপদেষ্টা ডাঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য সমন্বিতে ছাত্ৰসন্থাৰ বিষয়ববীয়াসকলে শ্ৰী সোণোৱালক এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে- প্ৰতিমা বৰুৱা পাণ্ডে সোঁৱৰণী স্মাৰক, পাটৰ চেলেং চাদৰ, গামোচা, এড়ি চোলা, সম্বৰ্ধনা ...