July 15, 2025 8:34 PM

views 17

ধুবুৰী জিলাত উন্নয়নমূলক কাম-কাজ পৰিদৰ্শন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱৰ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱে আজি ধুবুৰী জিলাত উপস্থিত হৈ জিলাখনৰ উন্নয়নমূলক কাম-কাজৰ বুজ লয়। অভিলাষী জিলা হিচাপে ঘোষণা হোৱাৰ পাছত জিলাখন ভ্ৰমণলৈ অহা মন্ত্ৰীগৰাকীয়ে অভিলাষী জিলা পৰিকল্পনাৰ মূল অংশীদাৰ সকলৰ সৈতে মত বিনিময় কৰে। তেওঁ জিলা আৱৰ্ত ভৱনৰ প্ৰেক্ষাগৃহত জিলা প্ৰশাসনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকতো অংশ লয়। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে ধুবুৰী জিলাৰ গৌৰীপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত নৱনিৰ্মিত শ্ৰেণীকোঠা পৰিদৰ্শন কৰে।