May 14, 2024 8:31 PM

views 15

নতুন দিল্লীস্থিত আকাশবাণীৰ মুখ্য কাৰ্যালয়ত প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত সেহগাল, বিষয়াৰে মতবিনিময়

প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত সেহগালে আজি নতুন দিল্লীত থকা আকাশবাণীৰ মুখ্য কাৰ্যালয় ভ্রমণ কৰাৰ লগতে বিষয়াসকলৰ সৈতে মতবিনিময় কৰে। আকাশবাণীৰ কাম-কাজ আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়ে প্ৰচাৰ ভাৰতীৰ বাতৰি সেৱা বিভাগ আৰু অভিযান্ত্ৰিক বিভাগৰ সৈতে তেওঁ বিস্তৃত আলোচনাত মিলিত হয়। বাতৰি সেৱা বিভাগৰ অনুষ্ঠানৰ মান উন্নত কৰাৰ বাবে কোনবোৰ দিশত গুৰুত্ব দিব লাগিব সেই বিষয়েও শ্রীসেহগালে আলোকপাত কৰে। আকাশবাণীক অধিক ফলপ্রসূ, নমনীয় আৰু কাৰ্যকৰী কৰি তোলাৰ প্ৰয়োজনীয়তা সম্পর্কেও তেওঁ গুৰুত্ব আৰোপ কৰে। ডিজিটেল মাধ্যমৰ...